নগাঁৱৰ বালিজুৰিত আন্ত:ৰাষ্ট্ৰীয় দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱস উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৭ অক্টোবৰ: আন্ত:ৰাষ্ট্ৰীয় দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱসৰ লগত সংগতি ৰাখি মংগলবাৰে বস্ত্ৰভৰাঁল,নগাঁও আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু বাণিজ্য বিভাগৰ উদ্যোগত বালিজুৰি ৭ নম্বৰ,চাপানলাত এক বস্ত্ৰ বিতৰণ তথা সজাগতামূলক অনুষ্ঠান সম্পন্ন হৈ যায়। বস্ত্ৰভৰাঁলৰ হৈ বিৰিঞ্চি কুমাৰ বৰাই আৰম্ভ কৰা অনুষ্ঠানটিত উপস্থিত থাকে শিশু সাহিত্যিক তথা সামাজিক সংগঠক দুলাল বৰা। পুৱা ১১বজাৰ পৰা বালিজুৰি অঞ্চলত আৰম্ভ হোৱা সভাখনিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ হৈ পাঁচজনীয়া অধ্যাপক-অধ্যাপিকাৰ এটি দলৰ লগত ২০গৰাকী ছাত্ৰ- ছাত্ৰীয়ে প্ৰায় ১৫০টা বস্ত্ৰৰ পেকেট আৰু ৫০ৰো অধিক চেনিটেৰী পেদৰ লগতে দুলাল বৰাই কিছু কিতাপ বিতৰণ কৰে। এই অনুষ্ঠানতে বিৰিঞ্চি বৰা,বিমান কুমাৰ নাথ আৰু দুলাল বৰাই বাগান অঞ্চলত মাদক দ্ৰব্য নিবাৰণ,বাল্যবিবাহ তথা বিভিন্ন স্পৰ্শকাতৰ সামাজিক ব্যাধি সম্পৰ্কে বক্তব্য ৰাখে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী মৃদুস্মিতা দাসে “লচমীৰ শেষ প্ৰস্তাৱ” শীৰ্ষক এটি কবিতাও আবৃত্তি কৰে। প্ৰায় ২০০ লোকৰ উপস্থিতিত বালিজুৰি অঞ্চলত অনুষ্ঠিত এনে অনুষ্ঠানে সকলো ৰাইজে যথেষ্ঠ সহাঁৰি আগবঢ়ায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author