নগাঁৱৰ পলাশনিত কৃষি বিভাগৰ, ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰী চেংলাই সত্ৰ,নসত্ৰৰ গোপাল কৃষ্ণ গৰখীয়া থান আদিত কাতি বিহু উদযাপন-আকাশ বন্তি প্ৰজ্বলন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৯অক্টোবৰ:–নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী পলাশনি বামুনগাঁও তিনিআলিত আঞ্চলিক কাতি বিহু উদযাপন সমিতিৰ ব্যৱস্থাপনাত তথা নগাঁও জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত কাতি বিহু উদযাপন কৰা হয়। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে আজি কাতি বিহু । প্ৰত্যেক গৰাকী চহা কৃষিজীৱি ৰাইজৰ অন্তৰত আছে অসমীয়াৰ বাপতিসাহোন কাতি বিহুৰ অনন্য মাদকতা ।

তুলসী তলৰ পৰা পথাৰত আকাশবন্তি জ্বলোৱালৈকে কৃষক ৰাইজৰ ব্যস্ততাৰ অন্ত নাই আজিৰ দিনটোত। কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কাৰ্যসূচীত অ‌ংশগ্ৰহণ কৰি পৰম সন্তোষ লভা বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে সমগ্ৰ অসমবাসীৰ  সমান্তৰালকৈ অসম চৰকাৰৰ কৃষি বিভাগেও বুধবাৰে উদযাপন কৰিছে কাতি বিহু। উক্ত কাৰ্যসূচীত স্থানীয় ৰাইজৰ সৈতে তুলসী তলত চাকি জ্বলাই এক আধ্যাত্মিক পৰিবেশৰ মাজেৰে লখিমী পথাৰত বন্তি প্ৰজ্বলন কৰাৰ উপৰি আকাশবন্তিও প্ৰজ্বলন কৰে বিধায়ক শৰ্মাই। বিহুৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় বিশিষ্ট ব্যক্তি দুলাল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, সমাজসেৱক অনিল শ‌ইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি,জিলা প্ৰশাসন,কৃষি বিভাগৰ বিষয়ববীয়াসকলৰ লগতে আঞ্চলিক কাতি বিহু উদযাপন সমিতিৰ বিষয়ববীয়া, পঞ্চায়তৰ প্ৰতিনিধিসকল আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
আনহাতে জিলাখনৰ ইতিহাসপ্ৰসিদ্ধ ফুলগুৰিৰ শ্ৰীশ্ৰী চেংলাই সত্ৰতো বুধবাৰে পৰম্পৰাগতভাৱে কাতি বিহু পালন কৰাৰ লগতে আকাশ বন্তি প্ৰজ্বলন কৰা হয় । অনুষ্ঠানত সত্ৰাধিকাৰ জগত চন্দ্ৰ গোস্বামীয়ে সত্ৰখনৰ ইতিবৃত্তি চমুকৈ ব্যাখ্যা কৰি কয় যে আদিতে এই সত্ৰখন মাজুলীতে অৱস্থিত আছিল । পৰৱৰ্তী সময়ত ৰজাৰ আদেশত নগাঁও জিলাৰে জখলাবন্ধালৈ স্থানান্তৰ কৰা হয় । তাৰ পৰৱৰ্তী সময়ত মানৰ অসম আক্ৰমণৰ সময়ত এই সত্ৰ বেবেজীয়াৰ সমীপৰ ফুলগুৰিত প্ৰতিষ্ঠা কৰা হয় । কাতি বিহুৰ এই অনুষ্ঠানত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কয় যে লোক বিশ্বাস অনুসৰি আকাশ বন্তিৰ পোহৰত উপৰি পুৰুষৰ আত্মাই সৰগলৈ যাত্ৰা কৰে । শৰৎ কালৰ কাতি বিহু শৰতৰ দৰে স্নিগ্ধ, সমাহিত বুলি গণ্য কৰা হয় । মানুহৰ অন্তৰ জ্যোতিৰ আলোকৰে আলোকিত হয় ।

উল্লেখ্য যে বিধায়ক দাসে সত্ৰখনৰ উন্নয়নৰ বাবে ১০লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ মহেশ্বৰ গোস্বামী, সমাজকৰ্মী পদ্ম গোস্বামী,ড° প্ৰদ্যুন্ম গোস্বামী,ড° ধৰ্মেশ্বৰ গোস্বামী,চিকিৎসক মিতালী গোস্বামী,কমল বৰকটকী,তৰুণ ফুকন,বোধেন ফুকন,ৰত্ন শৰ্মা, জয়ন্ত গোস্বামী,সত্ৰৰ হাতী মতা অৰুণ ফুকন,সাংবাদিক হীৰেণ শৰ্মা,সমাজকৰ্মী অঞ্জন শৰ্মা কৌশিক,শালমৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ববীতা মেধি,ৰেখা শৰ্মাৰ উপৰি শ্ৰীশ্ৰী চেংলাই সত্ৰৰ ভকত- বৈষ্ণৱসকল উপস্থিত থাকে । উল্লেখ্য যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত শ্ৰীশ্ৰী চেংলাই সত্ৰখন দামোদৰদেৱৰ আজ্ঞাবাহী আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজ অনুগ্ৰহত প্ৰতিষ্ঠা হৈছিল । ইপিনে নসত্ৰৰ সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত থান সমিতিৰ উদ্যোগত পূৰ্বৰ পৰম্পৰা ৰক্ষা  অনুষ্ঠিত  কাতি বিহুৰ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা । কাতি বিহু উপলক্ষে শিঙিয়া দলনী হাঁহচৰা পথাৰত অনুষ্ঠিত দিহা নাম অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি অঞ্চলৰ ৰাইজৰ সৈতে ৰবাব  টেঙাৰ সোৱাদ লৈ বিধায়ক শৰ্মাই কৃষক ৰাইজৰ সৈতে শিঙিয়া দলনী হাঁহচৰা পথাৰত আকাশবন্তিও প্ৰজ্বলন কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author