৭ নৱেম্বৰৰ পৰা মিজোৰাম, মধ্য প্ৰদেশ, ৰাজস্থান, চট্টীশগড় আৰপ তেলেংগনাত অনুষ্ঠিত হ’ব এই নিৰ্বাচন।
ইয়াৰ মাজতে আম আদমী পাৰ্টীয়ে কৰিছে এক ডাঙৰ ঘোষণা। মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টীয়ে। ইয়াৰ বাবে আপে শীঘ্ৰেই আসনসমূহ ঘোষণা কৰিব জনায়।
৫ খনৰ ভিতৰত মিজোৰাম, ৰাজস্থান, মধ্য প্ৰদেশ, চট্টীশগড় বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আপে। প্ৰথম অৱস্থাত ৩ খন ৰাজ্যৰ কথা জনাইছিল যদিও নতুনকৈ মিজোৰামত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে আপে।
এই সন্দৰ্ভত আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ একাংশ বিষয়-ববীয়াই দেওবাৰে অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিছিল। য’ত আগন্তুক নিৰ্বাচনৰ বিষয়ে আলোচনা হয়।