NAVRATRI DAY 3:নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজাৰ বিধি, মন্ত্ৰ আৰু ভোগৰ পদ্ধতি জানি লওক

1 min read

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় ।  বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে ।মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয় । জানক মা চন্দ্ৰঘণ্টাৰ পূজাৰ সময়, বিধি আৰু মন্ত্ৰ ৷

শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মাতৃ তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে।
  • মা চন্দ্ৰঘণ্টা কোন (Who is Chandraghanta?)?

মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা'(NAVRATRI DAY 3)। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়(Devi Chandraghnata) । মা চন্দ্ৰঘণ্টাৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী । এওঁৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে । সেইকাৰণে তেওঁক ‘চন্দ্ৰঘণ্টা’ দেৱী’ বোলা হয় । মা চন্দ্ৰঘণ্টাৰ শৰীৰৰ বৰণ সুবৰ্ণৰ দৰে উজ্জ্বল । মা চন্দ্ৰঘণ্টা হৈছে দশভুজা । এই দহোখন হাত খৰ্গ আদি শস্ত্ৰৰে আৰু বাণ আদি অস্ত্ৰৰে বিভূষিত । যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা! ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে । নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক ।

  • দেৱী চন্দ্ৰঘণ্টাৰ অলৌকিক স্বৰূপ(The miraculous form of Goddess Chandraghanta):

শিৱ মহা পুৰাণৰ মতে, চন্দ্ৰঘণ্টা হৈছে চন্দ্ৰশেখৰৰ ৰূপত ভগৱান শিৱৰ শক্তি । শিৱৰ প্ৰতিটো ৰূপ শক্তিৰ সৈতে জড়িত । সেয়েহে তেওঁলোক হৈছে অৰ্ধনাৰীশ্বৰ ।

চন্দ্ৰঘণ্টাক দশভূজা ৰূপত চিত্ৰায়িত কৰা হয় । তেওঁ হাতত ত্ৰিশূল, গদা, ধনু-কাঁ‌ড়, খড়্গ (তৰোৱাল), পদুম ফুল, ঘণ্টা আৰু কমণ্ডলু ধাৰণ কৰে । তেওঁৰ এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গী বা অভয়মুদ্ৰাত থাকে । তেওঁ বাঘ বা সিংহৰ ওপৰত আৰোহণ কৰে । মা চন্দ্ৰঘণ্টাৰ বাহন হ’ল সিংহ । তেওঁৰ বাহনে সাহসিকতাক প্ৰতিনিধিত্ব কৰে । তেওঁ কপালত ঘণ্টাৰ ৰূপত অৰ্ধচন্দ্ৰ পৰিধাণ কৰে আৰু তেওঁৰ ত্ৰিনেত্ৰ ।

দুৰ্গাৰ এই ৰূপটো আগৰ ৰূপবোৰতকৈ সম্পূৰ্ণ ভিন্ন । দেৱীৰ এই ৰূপটোৱে সূচায় যে প্ৰৰোচিত কৰিলে তেওঁ উন্মত্ত বা অশুভ হৈ উঠিব পাৰে । তেওঁৰ অশুভ ৰূপটোক চণ্ডী বা চামুণ্ডা দেৱী বুলিও কোৱা হয় । অন্য সময়ত তেওঁ শান্তিৰ প্ৰতিমূৰ্তি । চন্দ্ৰঘণ্টাক আদৰ আৰু উপাসনা কৰা ভক্তসকলে সহজে জীৱনত সফলতা অৰ্জন কৰে বুলি বিশ্বাস কৰা হয় । চন্দ্ৰঘণ্টা দুষ্টক নাশ কৰিবলৈ সদায়েই সাজু, কিন্তু তেওঁৰ ভক্তসকলৰ বাবে তেওঁ এগৰাকী দয়ালু আৰু সহানুভূতিশীল মাতৃ যি শান্তি আৰু সমৃদ্ধিৰ বৰ্ষণ কৰে ।

ৰাক্ষসৰ সৈতে হোৱা যুদ্ধৰ সময়ত দেৱীৰ ঘণ্টাৰ পৰা উৎপন্ন হোৱা ভয়ংকৰ শব্দই হাজাৰ হাজাৰ দুষ্ট ৰাক্ষসক মৃত্যুলোকলৈ প্ৰেৰণ কৰিছিল । তেওঁ কেতিয়াবা যুদ্ধংদেহি ৰূপত ভক্তসকলৰ শত্ৰুক নাশ কৰিবলৈ উদ্যত হৈ থাকে যাতে তেওঁলোকে শান্তি আৰু সমৃদ্ধিত জীয়াই ৰাখিব পাৰে । তেওঁৰ অনুগ্ৰহত ভক্তই দৈৱদৃষ্টি লাভ কৰে । যদি এজন ভক্তই দৈৱিক সুগন্ধি লাভ কৰে আৰু বিভিন্ন ধ্বনি শুনিবলৈ পায় তেন্তে তেওঁক দেৱী মাতৃয়ে আশীৰ্বাদ কৰে বুলি এক বিশ্বাস কৰে ।

  • দেৱী চন্দ্ৰঘণ্টাৰ পূজা মন্ত্ৰ আৰু ধ্যান(Mantras and meditations for the worship of Goddess Chandraghanta):

ওঁ দেৱী চন্দ্ৰঘণ্টায়ে নমঃ

“পিণ্ডজ প্ৰবৰাৰুঢ়া চণ্ডকোপাস্ত্ৰকৈৰ্যুতা। প্ৰসীদম তনুতে মহয়ং চন্দ্ৰঘণ্টেতি বিশ্ৰুতা॥”

  • দেৱী চন্দ্ৰঘণ্টাৰ পূজা বিধি(Devi Chandraghanta Puja Vidhi):

নৱৰাত্ৰিৰ তৃতীয় দিনা ব্ৰহ্মমুহূৰ্তত উঠি স্নান আদি কৰি পূজাস্থলী পৰিষ্কাৰ কৰিব লাগে(Devi Chandraghnata Puja Vidhi) । পূজাৰ আৰম্ভণিতে দেৱী চন্দ্ৰঘন্তৰ মূৰ্তিক কেশৰ (Kesar), গংগা জল (Ganga Jal) আৰু কেৱৰা (Kewra water)ত স্নান কৰি কাঠৰ টেবুল এখনত থৈ দিয়া হয় ।

তাৰ পিছত দৈনন্দিন পূজা-অৰ্চনাৰে ‘ওঁ দেৱী চন্দ্ৰঘণ্টায়ে নমঃ’ মন্ত্ৰ জপ কৰক । ইয়াৰ পিছত মাতৃক সুগন্ধি, ফুল, ধূপ, অক্ষত, ৰঙা ৰঙৰ ৰস অৰ্পণ কৰি গাখীৰৰ পৰা তৈয়াৰী মিঠাই আগবঢ়াব । ইয়াৰ পিছত দূৰ্গা সপ্তশতি, দুৰ্গা চলিছা আৰু আৰতি কৰে ।

  • পূজাৰ মহত্ব(The importance of worship):

মা চন্দ্ৰঘণ্টাৰ পূজা কৰিলে সাধকৰ সকলো দুখ-যন্ত্ৰণা দূৰ হয় আৰু তেওঁ নিৰ্ভীক আৰু সাহসী হৈ পৰে । দেৱীক পূজা কৰিলে মানুহৰ মুখ, চকু আৰু দেহৰ ইতিবাচক বিকাশ ঘটে । ইয়াৰ লগে লগে বুদ্ধি আৰু জ্ঞানো বৃদ্ধি পায় ।

নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজাৰ বিধি, মন্ত্ৰ আৰু ভোগৰ পদ্ধতি জানি লওক

  • এই ৰং ব্যৱহাৰ কৰক(Use this color):

শাস্ত্ৰমতে, দেৱীক পূজা কৰাৰ সময়ত বাদামী ৰঙৰ(Buff Colour) কাপোৰ পৰিধান কৰিলে এজন ব্যক্তিৰ বাবে অতি ফলদায়ক বুলি কোৱা হয় । লগতে সোণালী ৰঙৰ কাপোৰ পিন্ধিব পাৰে । আজিৰ দিনটোত এই দুয়োটা ৰং শুভ বুলি গণ্য কৰা হয় । ইয়াৰ লগতে ভক্তসকলে আজিৰ দিনটোত গাখীৰৰ পৰা তৈয়াৰী মিঠাই আগবঢ়াব পাৰে । মৌও(Honey) মা চন্দ্ৰঘণ্টাৰ বৰ প্ৰিয় ।

You May Also Like

More From Author