অতীতৰ সম্পৰ্কৰ কথা নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা প্ৰেমিকৰ

0 min read

বৃহস্পতিবাৰে কৰ্ণাটকৰ হাছানত সংঘটিত হয় এক নৃশংস হত্যা কাণ্ড। প্ৰেমিকাই পূৰ্বৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা কৰিলে প্ৰেমিকে।

জানিব পৰা মতে, হত্যাৰ অভিযুক্ত ২৩ বছৰীয়া প্ৰেমিক তেজশৰ সৈতে প্ৰায় ৬ মাহ পূৰ্বে সম্পৰ্কলৈ আহিছিল ভুক্তভোগী যুৱতীগৰাকী। দুয়োজন একেতা শিক্ষানুষ্ঠানৰে শিক্ষাৰ্থী আছিল। অভিযুক্ত যুৱতীগৰাকীৰ অগ্ৰজ আছিল।

আৰক্ষীয়ে জনোৱা মতে, দুয়োজনেই সঘনাই দুয়োৰো ব্যক্তিগত বিষয় সমূহক লৈ সংঘাতত লিপ্ত হৈছিল। শেহতীয়াকৈ তেজশে যুৱতীগৰাকীৰ পূৰ্বৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিল যাৰ ফলত তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। তেজশে এই কথা তেওঁৰ পৰা লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছিল যাৰ ফলত তৰ্কৰ সৃষ্টি হৈছিল বুলি তদন্তকাৰী আৰক্ষী বিষয়াই জনায়।

আৰক্ষী সূত্ৰে জানিব পৰা মতে তেজশৰ এনে অতি ঈৰ্ষান্বিত আৰু নিয়ন্ত্ৰণকাৰী ব্যৱহাৰত বিৰক্ত হৈ যুৱতীগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কটো শেষ কৰিব বিচাৰিছিল। যুৱতীগৰাকীৰ অতীতৰ সম্পৰ্কক লৈ তেজশে সঘলাই সংঘাতৰ সৃষ্টি কৰাত তেওঁ মানসিক অশান্তিত ভুগিছিল।

কিন্তু বৃহস্পতিবাৰে তেওঁলোকৰ সমস্যা আলোচনা কৰাৰ অজুহাতত তেজশে যুৱতীগৰাকীক মূল চহৰলৈ মাতিছিল আৰু তাৰ পৰাই চহৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰৈত মটৰ চাইকেলেৰে কুন্তী বেট্টা পাহাৰৰ ফালে লৈ গৈছিল। তাত উপস্থিত হোৱাৰ পিছত দুয়োৰে মাজত পুনৰ কাজিয়া হয় আৰু তাৰ পিছত তেজশে দা উলিয়াই যুৱতীগৰাকীৰ ডিঙি কাটি পেলায় বুলি তদন্তকাৰী আৰক্ষী বিষয়াই জনায়।

ঘটনা সংঘটিত কৰাৰ পিছতে তেজশে আহত যুৱতীগৰাকীক এৰি নিজৰ দুচকীয়া বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে। স্থানীয় লোকে যুৱতীগৰাকীক প্ৰত্যক্ষ কৰি তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয়তে যুৱতীগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে, শুকুৰবাৰে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত হত্যাৰ গোচৰ ৰুজু কৰি এই হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্ত তেজশক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

You May Also Like

More From Author