আহোম জনগোষ্ঠীক লৈ অপমানজনক মন্তব্য কৰি ৰোষত যুৱক-যুৱতী, দিছপুৰ থানাত এজাহাৰ

1 min read

সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবত বিগত দুদিনত চৰ্চিত হৈছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত এটা প’ডকাষ্ট অনুষ্ঠানত এজন যুৱক আৰু এগৰাকী যুৱতীৰ বাৰ্তালাপ দেখিবলৈ পোৱা গৈছে। কিন্তু ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পিছৰে পৰা সেই বিশেষ প’ডকাষ্ট ভিডিঅ’টোক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে বিতৰ্ক। কিন্তু কিয়? এনে কি আছে ভিডিঅ’টোত? আচলতে এই ভিডিঅ’টোৰ কথোপকথনত সেই বিশেষ প’ডকাষ্ট চেনেলটো তথা বাৰ্তালাপত অংশগ্ৰহণ কৰা যুৱক-যুৱতীহালৰ বিৰুদ্ধে আহোম জনগোষ্ঠীক অপমানসূচক মন্তব্য কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, দুই যুৱক-যুৱতীয়ে তেওঁলোকৰ কথোপকথনত আহোম জনগোষ্ঠীৰ বিষয়ে বহুতো বিতৰ্কিত শব্দ প্ৰয়োগেৰে বুৰঞ্জীৰ ভুল ব্যখ্যা আৰু ঐতিহ্যক অপমান কৰি তাচ্ছিল্য কৰিছে। চাওক এই বিতৰ্কিত ভিডিঅ’টোৰ কিছু দৃশ্যঃ

উল্লেখযোগ্য যে, আহোম জনগোষ্ঠীক অপমান কৰা বুলি সামাজিক মাধ্যমত বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে এই প’ডকাষ্ট চেনেলটো তথা অনুষ্ঠানটোত অংশগ্ৰহণ কৰা যুৱক-যুৱতীহালৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ অসমৰ কামৰূপ (মহানগৰ) জিলা সমিতিয়ে মহানগৰীৰ দিছপুৰ থানাত দাখিল কৰিছে এখন এজাহাৰ। টাই আহোম যুৱ পৰিষদ অসমে তেওঁলোকৰ এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, বিতৰ্কিত ভিডিঅ’টোৰ সৈতে জড়িত, প’ডকাষ্ট অনুষ্ঠানটোত অংশগ্ৰহণ কৰা আদিদ ৰহমান আৰু চাৰা চাংমা নামৰ গুৱাহাটীৰে দুগৰাকী যুৱক-যুৱতীয়ে Enchanted Studio নামৰ এটা ইউটিউব চেনেল আৰু ফেচবুক ৰীলৰ জড়িয়তে সম্প্ৰচাৰ কৰা ভিডিঅ’টোত আহোম জনগোষ্ঠীৰ ওপৰত বহুতো বিতৰ্কিত শব্দ প্ৰয়োগেৰে বুৰঞ্জীৰ ভুল ব্যাখ্যা আৰু ঐতিহ্যক অপমান কৰি তাচ্ছিল্য কৰিছে। এজাহাৰখনত টাই আহোম যুৱ পৰিষদ অসমে এইটো অভিযোগো উত্থাপন কৰিছে যে যুৱক-যুৱতীহালে তেওঁলোকৰ কথোপকথনত আহোমসকলৰ আৰাধ্য দেৱতা আৰু ড্ৰেগন প্ৰতীকৰ লগতে এগৰাকী আহোম যুৱতীৰ ফটো দেখুৱাই আহোম জনগোষ্ঠীৰ সাজ-পোচাককো তাচ্ছিল্য কৰি গোটেই জাতিটোকে অপমান কৰিছে।

টাই আহোম যুৱ পৰিষদ অসমৰ কামৰূপ (মহানগৰ) জিলা সমিতিয়ে মহানগৰীৰ দিছপুৰ থানাত এজাহাৰখন দাখিল কৰি উক্ত দুয়োগৰাকী যুৱক-যুৱতীৰ বিৰুদ্ধে আহোম জনগোষ্ঠীৰ ঐতিহ্যক ভেঙুচালি, ধৰ্মীয় প্ৰতীকক অপমান, বুৰঞ্জীৰ অপব্যাখ্যা, জনগোষ্ঠীয় সাজপাৰক লৈ কৰা তাচ্ছিল্য আৰু ধৰ্মীয় চেতনাক আঘাত কৰাৰ অভিযোগত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Source: https://assam.news18.com/

You May Also Like

More From Author