এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

1 min read

সুখী ঘৰতেই লক্ষ্মীয়ে বাস কৰে। লক্ষ্মী দেৱীয়ে নিজৰ সৈতে সম্পদেই কঢ়িয়াই তেনে নহয়। তেওঁ এটা পৰিয়ালৰ সুখ শান্তি ধৰি ৰখাতো বিশেষ গুৰুত্ব ৰাখে। যি সংসাৰৰ পৰা তেওঁ আঁতৰি যায় তেনে সংসাৰত নানান দুখ, দুৰ্দশা, দাৰিদ্ৰ আৰু অশান্তিয়ে দেখা দিয়ে। সেয়ে লক্ষ্মীদেৱীক তুষ্ট কৰি ৰাখিব লাগে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। কি কি সামগ্ৰী আগবঢ়ালে মা লক্ষ্মী তুষ্ট হয়? লক্ষ্মী পূজাত এইকেইপদ সামগ্ৰী লক্ষ্মীদেৱীলৈ আগবঢ়োৱাটো অত্যন্ত প্ৰয়োজন।

মাখানা
মাখানা হ’ল লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে লক্ষ্মী পূজাৰ প্ৰসাদত মাখানা নিবেদন কৰাৰ নিয়ম আছে। পদুম ফুলৰ বীজৰ পৰা মাখানা তৈয়াৰ কৰা হয়। লক্ষ্মীৰ পদুম ফুল অত্যন্ত প্ৰিয়। পদুম ফুলৰ ওপৰতেই তেওঁ অৱস্থান কৰে। সেয়ে পদুমৰ বীজো তেওঁৰ অতি প্ৰিয়। ঘৰৰ সুখ শান্তিৰ বাবে লক্ষ্মী পুজাত মাখানা নিবেদন কৰিবলৈ নাপাহৰিব।

পায়স
ৰসগোল্লা, পায়স আদি লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে ঘৰত লক্ষ্মী পূজাৰ আয়োজন কৰিলে অৱশ্যেই পায়স নিবেদন কৰক। পায়স, গাখীৰ অবিহনে লক্ষ্মীপুজা সম্পূৰ্ণ নহয়। লক্ষ্মী পূজাৰ বাবে তৈয়াৰ কৰা পায়সত জাফৰান মিহলাই দিবলৈ নাপাহৰিব।

শঙ্খ
লক্ষ্মী পুজাত ১০৮বাৰ ‘ওম শ্রী শ্রে. নমহঃ’ জপ কৰক। তাৰপাছত দক্ষিণাৱৰ্তী শঙ্খত পানী ভৰাই বিষ্ণুক অভিষেক কৰক। ইয়াৰ ফলত লক্ষ্মীদেৱী সুখী হয়। ইয়াৰোপৰি সন্ধিয়াৰ সময়ত তুলসী তলত এটা ঘীউৰ প্ৰদীপ জ্বলাবলৈ নাপাহৰিব।

মিছৰি
বগা ৰঙৰ মিছিৰিও লক্ষ্মীৰ অত্যন্ত প্ৰিয়। তেওঁক তুষ্ট কৰিবলৈ মিছিৰি দান কৰক। মিছিৰি বা বাতাছা অবিহনে লক্ষ্মী পূজা সম্পূৰ্ণ নহয়।

নাৰিকল
হিন্দুধৰ্মত নাৰিকল অত্যন্ত পবিত্ৰ ফল। লক্ষ্মীৰ প্ৰিয় ফল হৈছে নাৰিকল। সেয়ে নাৰিকলক শ্ৰী ফল বুলিও কোৱা হয়। ঘৰত লক্ষ্মী পূজাৰ আয়োজন কৰিলে নাৰিকল বা নাৰিকলেৰে তৈয়াৰী লাডু, পিঠা আদিও অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব।<

You May Also Like

More From Author