নিসন্তানক সন্তান লাভ কৰাত সহায় কৰে মংগলবাৰৰ ব্ৰতে

1 min read

১/সৰ্ব সুখ-ৰাজ্য সন্মান তথা-পুত্ৰ পাপ্তিৰ বাবে..

মংগলবাৰৰ ব্ৰট উত্তম হয়..

২/মংগলবাৰে ব্ৰট ৰাখিলে-ঘেহুঁ আৰু গুৰৰ ভোজন কৰিব লাগে.. এই ভোজন দিন বা ৰাতি-এটা সময়তহে কৰিব লাগে..।

৩/এই মংগলবৰীয়া হনুমান ব্ৰট-২১সপ্তাহ কৰিব লাগে.. এই ব্ৰট কৰিলে-তথা-মনুষ্যৰ সকলো দুখ-কষ্ট নাশ হৈ বুলি মনা যায়..

৪/ব্ৰট কৰি পূজা কৰাৰ সময়ত-পূজাত ৰঙা ফুল দিব লাগে আৰু-ৰঙা কাপোৰ পৰিধান কৰি পূজা দিব লাগে… আৰু পূজা কৰি-মংগলবাৰৰ কথা পঢ়িব বা শুনিব লাগে…

৫/মংগলবাৰৰ ব্ৰট কথা-

এহাল ব্ৰাহ্মণ দম্পতিৰ কথাৰে.. এহাল ব্ৰাহ্মণ দম্পতি আছিল.. তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল.. সেইবাবে তেওঁলোকে বৰ দুখ মনেৰে জীৱন নিৰ্বাহ কৰিছিল.. এসময়ত ব্ৰাহ্মণে.. বীৰ হনুমানক পূজা কৰিবলৈ বনলৈ গুচি গৈছিল..

আৰু ঘৰতে বামুণীয়ে-প্ৰতি মংগলবাৰে-পুত্ৰ লাভৰ বাবে-মংগলবাৰৰ ব্ৰট ৰাখিছিল.., আৰু ভোজন বনাই বীৰ হনুমানক ভোগ লগাই বামুণীয়ে নিজে গ্রহণ কৰিছিল.. ঠিক তেনেকে-এটা মংগলবাৰত বামুণীয়ে ব্ৰট ৰাখি-বীৰ হনুমানক ভোজন বনাই ভোগ দিবলৈ পাহৰিছিল আৰু বামুণীয়ে নিজেও ভোজন গ্রহণ নকৰি শুই পৰিছিল…
বামুণীয়ে টুপনি পৰা সাৰ পাই-কথাবোৰ অনুতপ্ত কৰিলত-আকৌ মংগলবাৰ নহা লৈকে-বীৰ হনুমানক ভোগ নিদিয়ালৈকে.. নিজেও অন্ন-জল গ্রহণ নকৰো বুলি প্ৰণ লৈ-শুই পৰিছিল..

যেতিয়া মংগলবাৰ আহিলত-বামুণীয়ে অন্ন জল গ্রহণ নকৰা বাবে মূৰ্চা গৈছিল৷

তাকে দেখি বীৰ হনুমান বামুণীৰ ভক্তিত প্ৰসন্ন হৈ..

বামুণীক দেখা দি-বামুণীক এটি পুত্র সন্তান দি.. বীৰ হনুমান অন্তধ্যন হল।।
বামুণীয়ে পুত্র সন্তান পায়-পুত্ৰ সন্তানৰ নাম ৰাখিলে মংগল.. আৰু মংগলৰ লগত সুখেৰে

জীৱন বাস কৰিবলৈ ধৰিলে..

বহুতদিনৰ মোৰত এদিন ব্ৰাহ্মণ বনৰপৰা ওভতি আহিল।। আৰু ঘৰত বামুণীৰ লগত মংগলক দেখি-আচৰিত হৈ-বামুণীক সুধিলে..!! বামুণীয়ে সকলোবোৰ কলত.. ব্ৰাহ্মণে বিশ্বাস নকৰি কলে-যে-বামুণীয়ে নিজৰ কু-চৰিত্ৰ ধাকিবৰ বাবে… এয়া সাধু শুনালে বুলি..

এদিনাখন ব্ৰাহ্মণে কুঁৱাৰপৰা পানী আনিবলৈ ওলাওতে… বামুণীয়ে কলে-মংগলকো লগত লৈ যাওক-মংগলে আপোনাক সহায় কৰি দিব…

ব্ৰাহ্মণে বামুণীৰ কথা শুনি-মংগলক লগত লৈ গল আৰু-আৰু-মংগলক কুৱাঁতে পেলাই ব্ৰাহ্মণ ঘৰলৈ আহিল… ব্ৰাহ্মণ ঘৰ পোৱাৰ পাচত বামুণীয়ে মংগল কত সুধিলত… মংগলে পাচৰ পৰা হাঁহি মাৰি মাত দিলে-মা বুলি…

সেইদিনা ৰাতিয়ে-ব্ৰাহ্মণৰ সপোনত বীৰ হনুমান আহি কলে যে-মংগলক মইয়েই দিয়া তোমাৰ পত্নীক… তোমাৰ পত্নী কু-চৰিত্ৰৰ নহয়…

তেতিয়া ব্ৰাহ্মণে সকলো কথা বিশ্বাস কৰি বীৰ হনুমানক ক্ষমা বিচাৰিলে… তেতিয়া পৰা ব্ৰাহ্মণে তেওঁৰ পত্নীৰ সৈতে-মংগলবাৰে ব্ৰট ৰাখি মংগলৰ লগত-সুখেৰে জীৱন বাস কৰিলে…

সকলো নিয়ম মানি-মংগলবাৰৰ ব্ৰট ৰখাজনৰ ওপৰত বীৰ হনুমানৰ কৃপা দৃষ্টি থাকে.., আৰু-সেইজনৰ জীৱনৰ দুখ কষ্ট আঁতৰ হৈ.. সৰ্ব সুখ লাভ কৰে….

 

(জয় বীৰ হনুমান)

You May Also Like

More From Author