পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে!

1 min read

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ বাবে বাণীকান্ত কাকতি বঁটা লাভ কৰিছিল মুৰ্শ্বিদাই। স্কুটীৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ জমা দিবলৈ পুৱাই পিতৃৰ সৈতে নগাঁও চহৰৰ সমীপৱৰ্তী বেবেজীয়াৰ গণপতি হিৰো নামৰ স্কুটীৰ ডিলাৰলৈ ওলাই আহিছিল মুৰ্শ্বিদা। আনন্দ মনেৰে পিতৃ হিবজুৰ ৰহমানৰ সৈতে ঘৰৰ পৰা ওলাই অহা মুৰ্শ্বিদা আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিলে। কাৰণ বেবেজীয়াৰ গণপতি হিৰোৰ সন্মুখতে এখন তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই নিলে মুৰ্শ্বিদা আৰু তেঁওৰ পিতৃক। সংকটজনক অৱস্থাত মুৰ্শ্বিদা আৰু তেঁওৰ পিতৃক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হ’ল যদিও চিকিৎসালয়তে মৃত্যুক সাৱটিলে মুৰ্শ্বিদাই।

উদণ্ড ট্ৰেভেলাৰ চালক বাবেই অকালতে মৃত্যুক সাৱটিলে এইগৰাকী মেধাৱী ছাত্ৰীয়ে! এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ আশাৰে মুৰ্শ্বিদাই নগাঁৱৰ এটা ব্যক্তিগত কোচিং চেণ্টাৰত অধ্যয়নৰত হৈ আছিল। পিতৃ হিবজুৰ ৰহমান  CRPFৰ অৱসৰপ্ৰাপ্ত বিষয়া। হিবজুৰ ৰহমানো বৰ্তমান সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। মুৰ্শ্বিদাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কান্দোনৰ ৰোল উঠিছে জুৰীয়াৰ চামধৰা গাঁৱত।

উল্লেখযোগ্য যে, পথ সুৰক্ষাৰ নামত জৰিমনাৰে সাধাৰণ ৰাইজক অতীষ্ঠ কৰা পৰিবহণ বিভাগে আজিও বাণিজ্যিক বাহনৰ গতি নিয়ন্ত্ৰকৰ বিষয়টোক গুৰুত্ব নিদিয়াৰ ফলশ্ৰুতিতে নিতৌ ৰাজ্যত সংঘটিত হৈ আছে এনে বহু দুৰ্ঘটনা। অকালতে মৰহি গৈছে বহু প্ৰতিভা। নগাঁৱৰ বেবেজীয়াত বুধবাৰে পুৱাই সংঘটিত এই দুৰ্ঘটনাই পুনৰ বাণিজ্যিক বাহনৰ গতি নিয়ন্ত্ৰকৰ নামত চলা ভেকো-ভাওনাক উদঙাই দেখুৱাইছে। বৃহস্পতিবাৰে পুৱাই মুৰ্শ্বিদাৰ নশ্বৰ দেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে জুৰীয়াত শেষকৃত্য সমাপন কৰা হ’ব। মুৰ্শ্বিদাৰ মৃত্যুয়ে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নগাঁওবাসীকে।

You May Also Like

More From Author