পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে বহুতো নজনা কথা জানো আহক

1 min read

ভগবান শ্ৰী কৃষ্ণৰ তিৰোধানৰ পিছত তেওঁৰ দেহৰ অন্তিম সংস্কাৰ কৰা হ’ল । সম্পূৰ্ণ শৰীৰ পঞ্চতত্বত বিলীন হৈ গ’ল যদিও তেওঁৰ হৃদয় খন অৰ্থাৎ কলিজা খন জুইয়ে পোৰা নাছিল আৰু অতি সুৰক্ষিত ভাবে জীৱিত ব্যক্তিৰ হৃদয়ৰ দৰেই স্পন্দিত হৈ আছিল ।।( Religious Studies )

তেওঁৰ হৃদয় আজিও সুৰক্ষিত আৰু স্পন্দিত হৈ আছে । যি ভগবান জগন্নাথ মন্দিৰৰ কাঠৰ মূৰ্তিৰ ভিতৰত স্থাপিত আৰু স্পন্দিত হৈ আছে । এই কথা বহুত কম মানুহে জানে।

#মহাপ্ৰভূৰ মহা ৰহস্য

সোনৰ ঝাড়ুৰে হয় পৰিস্কৰণ

#মহাপ্ৰভূ জগন্নাথ (কৃষ্ণ) ক কলি যুগৰ ভগবান বুলিও কোৱা হয়। পুৰী (ওড়িষা) ত জগন্নাথ মহাপ্ৰভূ নিজৰ ভগ্নী সুভদ্ৰা আৰু ভাতৃ বলভদ্ৰৰ লগত নিবাস কৰিছিল বুলি এক জনবিশ্বাস আছে ।।

#প্ৰত্যক ১২ বছৰৰ মূৰত মহাপ্ৰভূৰ মূৰ্তি সলোৱা হয় । সেই সময়ত সম্পূৰ্ণ পুৰী চহৰ ব্লেক আউট অৰ্থাৎ অন্ধকাৰ কৰি দিয়া হয়। অন্ধকাৰ হোৱাৰ পিছত সম্পূৰ্ণ মন্দিৰ পৰিষৰ চি আৰ পি এফৰ দ্বাৰা চাৰিও দিশৰ পৰা ঘেৰি দিয়া হয়। সেই সময়ত কোনেও মন্দিৰলৈ যাব নোৱাৰে। মন্দিৰৰ ভিতৰত সম্পূৰ্ণ অন্ধকাৰ থাকে, পুজাৰীৰ চকুত কাপোৰৰ পট্টি বন্ধা হয় আৰু হাতত মোজা পিন্ধোৱা হয়। সেই অৱস্থাত পূজাৰীয়ে পুৰনা মূৰ্তিৰ পৰা “ব্ৰহ্মপদাৰ্থ” ওলিয়াই আনি নতুন মূৰ্তিত সোমোৱাই দিয়ে। এই “ব্ৰহ্মপদাৰ্থ” কি আজিলৈকে কোনেও দেখা নাই বা নাজানে। হাজাৰ হাজাৰ বছৰৰ পৰা পুৰনা মূৰ্তিৰ পৰা নতুন মূৰ্তিলৈ সংস্থাপিত কৰি অহা হৈ আহি আছে। ই এক অলৌকিক পদাৰ্থ। এই ব্ৰহ্মপদাৰ্থৰ সম্বন্ধ ভগবান শ্ৰীকৃষ্ণৰ লগত আছে। কিন্তু ই আচলতে কি কোনেও নাজানে।

ভগবান জগন্নাথ আৰু আন প্ৰতিমা সমূহ দুটা আহাৰ মাহ পৰা বছৰত সলোৱা হয়। ১৯ বছৰৰ মূৰত এই অৱসৰ আহিছে। এনেই কেতিয়াবা ১৪ বছৰৰ ব্যৱধানতো এই মূহুৰ্ত আহে। এই ব্যৱস্থা বা অনুষ্ঠানক নব-কলেবৰ বুলি কোৱা হয়। আজিলৈকে ব্ৰহ্মপদাৰ্থৰ বিষয়ে কোনেও একো কব নোৱাৰে।( Religious Studies )

#কিছু পূজাৰীয়ে কয় যেতিয়া মই ব্ৰহ্মপদাৰ্থ হাতত লৈছিলো মোৰ চকুত কাপোৰৰ পট্টি আৰু হাতত দস্তানা আছিল। কিন্তু বস্তুটো শহাপহুৰ দৰে ধৰফৰাই আছিল। মই কেবল অনুভৱ হে কৰিব পাৰিছিলো।

প্ৰতি বছৰেই ৰথযাত্ৰাৰ সময়ত পুৰীৰ ৰজাই সোনৰ ঝাড়ুৰে নিজহাতে পথ পৰিস্কাৰ কৰিবলৈ আহে। মন্দিৰৰ সিংহদ্বাৰেদি প্ৰৱেশ কৰাৰ প্ৰথম খোজৰ পিছতেই সমুদ্ৰৰ লহৰৰ শব্দ নুশুনা হয়। আশ্চৰ্যজনক কথাটো হ’ল মন্দিৰৰ পৰা এখোজ ওলালেই সমুদ্ৰৰ প্ৰচণ্ড শব্দ কানত পৰে। সৰহ সংখ্যক মন্দিৰৰ চূড়া বা শিখৰতেই চৰাই চিৰিকতি বহি থকা দেখা যায় কিন্তু জগন্নাথ মন্দিৰৰ ওপৰেদি কোনো পক্ষী বিচৰন নকৰে। মন্দিৰৰ ধ্বজাঅনবৰত বতাহৰ গতিৰ বিপৰিতে উৰে। দিনটোৰ কোনো সময়তে মন্দিৰ শিখৰৰ ছাঁ মাটিত নপৰে।।

#জগন্নাথ মন্দিৰৰ ৪৫ মহলীয়া শিখৰত স্থিত ধ্বজা সদায় সলনি কৰা হয়। অৰ্থাৎ নতুন ধ্বজা লগোৱা হয়। মান্যতা অনুসৰি এদিনৰ বাবে ধ্বজা সলনি নহলে ১৮ বছৰৰ বাবে মন্দিৰ বন্ধ হৈ যাৱ। মন্দিৰ শিখৰত থকা সুদৰ্শন চক্ৰ যি কোনো দিশৰ পৰা চালেও চাওঁতাৰ নিজৰ দিশতে থাকে ।।

#মন্দিৰৰ ৰন্ধনশালত প্ৰসাদ ৰান্ধিবলৈ মাটিৰ ৭ টা পাত্ৰ ব্যৱহাৰ কৰা হয় । পাত্ৰবোৰ ইটোৰ ওপৰত সিটোকৈ চৌকাত বহুৱাই খৰিৰ জুইৰে ৰন্ধা হয়। অতি আশ্চৰ্যজনক ভাৱে আটাইতকৈ ওপৰৰ পাত্ৰটোৰ প্ৰসাদ বা ভোগ পোন প্ৰথমে সিজে । আন এটা আশ্বৰ্য্যজনক কথা হ’ল, মন্দিৰলৈ যোৱা প্ৰত্যেক জন ভক্তই এই প্ৰসাদ বা ভোগ খাবলৈ পায় আৰু আজিৰলৈকে কেতিয়াও সেই বিশেষ প্ৰসাদ ভাগৰ নাটনি হোৱা নাই ।

You May Also Like

More From Author