বুধবাৰৰ দিনটোত ২১বাৰ জপ কৰক গণেশ বাবাৰ এই মন্ত্ৰ, দূৰ হ’ব গ্ৰহ দোষ

0 min read

হিন্দু ধৰ্মত সমস্ত দেৱ–দেৱতাৰ পূজাৰ বাবে বাৰ নিৰ্ধাৰণ কৰা হয়। ভগৱান গণেশৰ পূজা–অৰ্চনাৰ বাব বুধবাৰৰ দিনটো উত্তম। এই দিনটোত গণেশৰ পূজা কৰিলে ভক্তৰ সকলো সমস্যা দূৰ হয় আৰু গ্ৰহ দোষ খণ্ডন হয়। পাৰ্বতী পুত্ৰ গণেশৰ পূজা যিকোনো মাংগলিক কৰ্মত আটাইতকৈ আগত কৰা হয়। ইয়াৰ বাবে গণেশক প্ৰথম পূজনীয় দেৱতা বুলিও কোৱা হয়। বুধবাৰৰ দিনটোত গণেশৰ উপাসনাৰ বাবে উত্তম বুলি মানি অহা হৈছে কিয়নো এই দিনটো ভগৱান গণেশৰ অতি প্ৰিয়।

বুধবাৰৰ দিনটো সুখ–সৌভাগ্যৰ প্ৰাপ্তি আৰু গ্ৰহ দোষৰ পৰা মুক্তিৰ বাবে গণেশৰ পূজা কৰাৰ সময়ত তাৰ প্ৰভাৱী মন্ত্ৰৰ জপ কৰক। দিল্লীৰ আচাৰ্য গুৰমীত সিঙৰ পৰা জানক বুধবাৰে ভগৱান গণেশৰ পূজাত কি মন্ত্ৰ জপ কৰিব।

গ্ৰহ দোষৰ পৰা মুক্তিৰ বাবে ২১বাৰ কৰক এই মন্ত্ৰ জপ

গণপূজ্যো বক্ৰতুণ্ড একদষ্ট্ৰী ত্ৰিয়ম্বকঃ।

নীলগ্ৰিভো লম্বোদৰো বিকটো ৱিঘ্ৰৰাজকঃ।।

ধুম্ৰৱৰ্ণ ভালচন্দ্ৰো দশমস্তু বিনায়কঃ।

গণপৰ্তিহস্তিমুখো দ্বাদশাৰে য়জেদগণমঃ।।

মনোবাঞ্চা পূৰণৰ প্ৰাপ্তিৰ বাবে

ভগৱান গণেশৰ পূজা যদি শ্ৰদ্ধা আৰু নিষ্ঠাৰে কৰা হয় তেন্তে তেওঁ ভক্তৰ প্ৰতি শীঘ্ৰে প্ৰসন্ন হয়। বুধবাৰে গণেশৰ পূজাৰ পিছত তেওঁৰ ১২ নামৰ (সুমুখ, একদন্ত, কপিল, গজকৰ্ণ, লম্বোদৰ, বিকট, বিনায়ক, ধুম্ৰকেতু, গণাধ্যক্ষ, ভালচন্দ্ৰ, গজানন আৰু বিঘ্ননাশন)ৰ ১১বাৰ জপ কৰা উচিত। ইয়াৰ দ্বাৰা গণেশ প্ৰসন্ন হয় আৰু ভক্তৰ মনোবাঞ্চা পূৰ্ণৰ বাবে আশীৰ্বাদ দিয়ে।
এই মন্ত্ৰ জপ কৰিলে সফল হ’ব সকলো কাম

কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো যদি কোনো কামত বাৰে বাৰে অসফল হয় তেন্তে ইয়াৰ বাবে বুধবাৰৰ দিনটোত বিধি–বিধান অনুসৰি গণেশৰ পূজা কৰক আৰু ইয়াৰ পিছত শ্ৰী গণেশৰ মন্ত্ৰ ‘ঔম গং গণপতয়ে নমঃ’ৰ ১০৮ বাৰ জপ কৰক। ইয়াৰ দ্বাৰা কামত সফলতা প্ৰাপ্ত হ’ব।

You May Also Like

More From Author