মহামৃত্যুঞ্জয় মন্ত্ৰৰ ৰচনা কিদৰে হৈছিল জানি লওক

1 min read

মহামৃত্যুঞ্জয় মন্ত্ৰক দীৰ্ঘায়ু আৰু স্বাস্থ্যৰ মন্ত্ৰ কোৱা হয়।হিন্দু ধৰ্মৰ শাস্ত্ৰত-এই মন্ত্ৰক মহামন্ত্ৰও কোৱা হয়।মান্যতা অনুসাৰে এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ দীৰ্ঘায়ুৰ প্ৰাপ্তি হয় তথা নিৰোগী হয় থাকে। ( Religious Studies )

ধাৰ্মিক মান্যতা আছে যে-মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তি দীৰ্ঘায়ু হয় আৰু যমৰজাই তেনে লোকক কোনো কষ্ট নিদিয়ে।মহামৃত্যুঞ্জয় মন্ত্ৰৰ উৎপত্তিৰ বিষয়ে-এই পৌৰাণিক কথা প্ৰচলিত আছে।

কথাৰ অনুসাৰে-মহাদেৱৰ ভক্ত ঋষি মৃকণ্ডই সন্তান প্ৰাপ্তিৰ বাবে-ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিলে।তপস্যাৰ দ্বাৰা প্ৰসন্ন হৈ-ভগৱান শিৱই ঋষি মৃকণ্ডৰ ইচ্ছা অনুসাৰে সন্তান প্ৰাপ্ত অনুসাৰে বৰ দিলে।কিন্তু মহাদেৱে ঋষি মৃকণ্ডক কলে যে-এই পুত্ৰ (অল্পায়ু)হব।অৰ্থাৎ দীৰ্ঘায়ু নহব।কিছুদিনৰ পাছত ঋষি মৃকণ্ডৰ পুত্ৰ ৰত্ন প্ৰাপ্ত হল।ঋষিসকলে কলে যে-এই সন্তানৰ বয়স কেৱল-১৬বছৰে হব।এই কথা শুনিয়ে ঋষি মৃকণ্ডক বিষাদেৰে আৱৰি ধৰিল।এই কথা দেখা পায় যেতিয়া-তেওঁৰ পত্নীয়ে দুখৰ কাৰণ সুধিলে-তেতিয়া ঋষি মৃকণ্ডয়ে সকলো কথা কলে।ঋষিৰ কথা শুনি তেওঁৰ পত্নীয়ে কলে-যদি মহাদেৱৰ কৃপা হয়,তেতিয়া এই বিপদো দূৰ কৰিব।ঋষি মৃকণ্ডয় নিজৰ পুত্ৰৰ নাম-মাৰ্কেণ্ড ৰাখিলে আৰু পুত্ৰক শিৱ মন্ত্ৰ দিলে।মাৰ্কেণ্ড শিৱৰ ভক্তিত লীন হৈ থাকে।যেতিয়া সময় কাষ চাপিল-তেতিয়া ঋষি মৃকণ্ডই পুত্ৰ মাৰ্কেণ্ডক অল্পায়ু কথা কলে।আৰু লগতে কলে যে-মহাদেৱে যদি বিচাৰে-এই বিপদ দূৰ কৰিব পাৰে। ( Religious Studies )

পিতৃ-মাতৃৰ দুখক দূৰ কৰিবলৈ পুত্ৰ মাৰ্কেণ্ডয়ে ভগৱান শিৱৰ পৰা দীৰ্ঘায়ুৰ বৰদান প্ৰাপ্ত কৰিবলৈ মহাদেৱৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰি দিলে। মাৰ্কেণ্ডয়ে দীৰ্ঘায়ুৰ বৰদানৰ প্ৰাপ্তি হেতু ভগৱান শিৱৰ আৰাধনাৰ বাবে-মহামৃত্যুঞ্জয় মন্ত্ৰৰ ৰচনা কৰিলে আৰু শিৱ মন্দিৰত বহি এই মন্ত্ৰৰ অখণ্ড জাপ কৰিলে।

*মহামৃত্যুঞ্জয় মন্ত্ৰ-

ঔঁম ত্যম্বক য়জামহে সুগন্ধি পুষ্টিবৰ্ধনম।

ওৰ্বাৰুকমিত বন্ধনান মৃত্যুৰ্মুক্ষীয় মামৃতাত”🙏🙏

সময় পূৰ্ণ হোৱাত মাৰ্কেণ্ডৰ প্ৰাণ লবলৈ যমদুত আহিল।কিন্তু তেওঁক মহাদেৱৰ তপস্যাত বিলীন দেখা পায়,যমদুতে ঘূৰি আহি সকলো কথা যমৰজাক কলেহি।তেতিয়া মাৰ্কেণ্ডৰ প্ৰাণ লবলৈ যমৰজা স্বয়ং আহিল।যমৰজাই যেতিয়া নিজৰ পাশা মাৰ্কেণ্ডৰ ওপৰত পেলালে,তেতিয়া বালক মাৰ্কেণ্ডয়ে শিৱলিংগক সাৱটি ধৰিলে।সেইবাবে-ভুলতে যমৰজাৰ পাশা শিৱলিংগত গৈ পৰিল।যমৰজাৰ আক্ৰমকতাত মহাদেৱ বহুত ক্ৰোধিত হল।আৰু যমৰজাৰ পৰা ৰক্ষা হেতু মহাদেৱ প্ৰকট হল।তেতিয়া যমৰজাই বিধিৰ নিয়মক মনত পেলাই দিলে।তেতিয়া মহাদেৱে মাৰ্কেণ্ডক দীৰ্ঘায়ুৰ বৰদান দি বিধানকে সলাই দিলে

You May Also Like

More From Author