মাজবাটত বিশাল বাইক ৰেলী, জনসভাত বিজেপি নেতাৰ ভিৰ,বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা

1 min read

২০১৪ ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। অসমত এ আই ইউ ডি এফক বাদ দি আটাইকেইটা ৰাজনৈতিক দল একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিপৰীতে বিজেপিয়েও ১৪ টা সমষ্টিৰ ১২ টাতে বিজয় নিশ্চিত বুলি প্ৰচাৰ চলাইছে।

লোকসভা নিৰ্বাচনলৈ মাজত এতিয়াও কিছু সময় আছে যদিও ৰাজনৈতিক দলবোৰৰ মাজত ব্যাপক প্ৰস্তুতি চলিছে। তাৰ মাজতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বড়োভূমিৰ দুটাকৈ লোকসভা সমষ্টি।

প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ প পি এলৰ দখলত থকা বড়োভূমিত হাগ্ৰামা মহিলাৰীৰ বি পি এফো যথেষ্ট শক্তিশালী। নিৰ্বাচনক কেন্দ্ৰ কৰি বি পি এফেও বড়োভূমিত পূৰ্বৰ তুলনাত অধিক সক্ৰিয়তাৰে কাম আৰম্ভ কৰিছে।

বিজেপিয়ে বি পি এফকো লগত লৈ দুয়োটা সমষ্টি দখল কৰিবলৈ চেষ্টা চলাইছিল যদিও হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতা অবিহনে বি পি এফে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে অধিক আকৰ্ষণীয় হৈ পৰিছে। হাগ্ৰামা মহিলাৰীৰ এনে ঘোষণাৰ পাছতে বিজেপিৰ মন্ত্ৰী, বিধায়কে ঢাপলি মেলিছে বড়োভূমিলৈ।

বৃদ্ধি পাইছে বিজেপি, ইউ পি পি এলৰ নিৰ্বাচনী তৎপৰতা। মিছন বি টি আৰ কাৰ্যসূচীৰে বড়োভূমিত তীব্ৰ প্ৰচাৰত নামি পৰিছে দল দুটা। মঙ্গলবাৰে মাজবাটত ৰণদংকা বজাই বিজেপিয়ে মুকলি কৰিলে বিশাল বাইক ৰেলী। অনুষ্ঠিত কৰিল বিশাল জনসভা।

বি টি আৰৰ অন্তৰ্গত ওদালগুৰি জিলাৰ মাজবাটত বিজেপিয়ে অনুষ্ঠিত কৰা এই বিশাল জনসভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। দুপৰীয়া ১ বজাৰ পৰা মাজবাটৰ ৰাজীৱ গান্ধী খেল পথাৰত অনুষ্ঠিত হোৱা এই সভাত মন্ত্ৰী পেগুৰ উপৰিও সাংসদ দিলীপ শইকীয়া, মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, বিজেপিৰ মুখাপাত্ৰ ৰূপম গোস্বামী, বি টি আৰৰ ই এম নিলুৎ স্বৰ্গিয়াৰী, ইউ পি পি এলৰ কেইবাজনো নেতা উপস্থিত থাকে।

ইয়াৰ পূৰ্বে এই নেতাসকলৰ উপস্থিতিত ওৰাংৰ পৰা মাজবাটলৈ প্ৰায় ১২কিলোমিটাৰ পথত বাহিৰ কৰে বিশাল বাইক ৰেলী। সভাত মন্ত্ৰী ৰণোজ পেগুৱে কয়, বি টি চিত বিজেপি-ইউ পি পি এলৰ বিৰুদ্ধে অপশক্তিয়ে মূৰ দাঙি উঠিছে। এই শক্তিয়ে অপপ্ৰচাৰত লিপ্ত হোৱাৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিয়াৰ বাবেই দলটোৱে এইদৰে তৎপৰতাত লিপ্ত হৈছে বুলি ঘোষণা কৰে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন কল্যাণমূলক কামৰ উচিত মূল্য দিবলৈ মাজবাটৰ ৰাইজ সাজু হৈ আছে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই।

You May Also Like

More From Author