সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

1 min read

মানবী জনম পাই হৰি নভজিলা ৷
অৱশ্যে হৈবাহা ভাই তৰু তৃণ শিলা ৷৷

দেৱৰ বাঞ্চনী মানৱী জন্ম ধৰি আদি যদি কোনোৱে হৰিক নভজে তেন্তে সেইজনে অৱশ্যে পৰকালত তৰু তৃণ আৰু শিল হৈ জন্মিব লাগিব ৷ ৮৪ লক্ষ যোনী ভ্ৰমণ কৰি বহু পুণ্যৰ ফলত মনুষ্য তনু লাভ হয় ৷ হৰিৰ চৰণ ভজা মনুষ্য জন্মৰ সাৰ্থকতা ৷ কিন্তু বহু লোকে মনুষ্য জন্ম ধৰি পশু-পক্ষীৰ দৰে কেৱল বিষয় সুখত মজি থাকে হৰিৰ চৰণ নভজে ফলত নিজ কৰ্ম্মফল ভোগ কৰাৰ বাবে মৃত্যুৰ পিছত তামসিক জন্ম লাভ কৰি তেনে লোক তৰু তৃণ শিল হৈ জন্ম গ্ৰহণ কৰে ৷

মহাপুৰুষ মাধৱদেৱে একান্ত ভক্তিভাৱে হৰিৰ চৰণ ভজি আমাক নিকৃষ্ট জন্ম,তৰু তৃণ শিল যোনিত জন্ম ধৰাৰ পৰা নিস্তাৰ পাৱলৈ উপদেশ দিছে ৷৷

You May Also Like

More From Author