স্বামী,শাহুৱেকক শেষ কৰা বন্দনা কলিতাই পালে জামিন

1 min read

গুৱাহাটী চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই জামিন পালে। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে। এই চৰ্ত সাপেক্ষে আদালতৰ অনুমতি অবিহনে বন্দনাই গৃহ জিলা এৰিব কোনো ঠাইলৈ যাব নোৱাৰিব। সপ্তাহত দুদিন নুনমাটি থানাত বন্দনা হাজিৰ হ’ব লাগিব।

মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেই বন্দনাই কৰা হত্যাকাণ্ডত সহায় কৰা এজন অভিযুক্ত ধনটি ডেকাই জামিন লাভ কৰিছিল। কিন্তু আন এজন অভিযুক্ত অৰূপ দাস এতিয়াও কাৰাগাৰতে আছে।

বন্দনা কলিতা নামৰ এগৰাকী বিবাহিত মহিলাই অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক হত্যা কৰিছিল। হত্যাৰ পিছত মৃতদেহ কাটি টুকুৰা–টুকুৰ কৰি মৃতদেহ ডাউকীত পথৰ দাঁতিৰ খাৱৈত পেলাই দিছিল। এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। ২০২২ চনৰ জুলাই-আগষ্ট মাহত এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল।
মহানগৰীৰ নাৰেংগীৰ বাসিন্দা অমৰজ্যোতি দে’ৰ সৈতে কেইবছৰমান পূৰ্বে বন্দনা কলিতা বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ কিছুদিনলৈ দুয়োৰে সম্পৰ্ক ঠিকেই চলিছিল। কিন্তু উচ্চাকাংক্ষী আৰু অত্যন্ত লুভীয়া বন্দনাৰ ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। এই কথা স্বামীয়ে জনাৰ পিছত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল। অমৰজ্যোতিৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চানমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল। তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বাস কৰিছিল। আন চাৰিটা অট্টালিকাৰ ভাড়া অমৰজ্যোতিৰ মোমায়েকে সংগ্ৰহ কৰিছিল। যাক লৈ বন্দনা ক্ষুণ্ণ হৈছিল আৰু পৰৱৰ্তী সময়ত অমৰজ্যোতিৰ সৈতে বন্দনাৰ বিবাহ বিচ্ছেদৰ প্ৰস্তুতিও চলিছিল। কিন্তু হঠাৎ বন্দনাই স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰোতে বন্দনাই শাহুৱেকৰ একাউণ্টৰ পৰা ৫ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে। তাৰ পিছতে বন্দনাৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজে। ইয়াৰ পিছত চলিত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীত বন্দনাক আৰক্ষীয়ে আটক কৰে। আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰাৰ ঘটনা স্বীকাৰ কৰিছিল।

গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিনৰ পিছত এতিয়া সকলোৰে মনত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে যে বন্দনা কলিতা (Bandana Kalita) তথা আন দুই অভিযুক্তই শাস্তি পাবনে নাই? দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো এতিয়া সাধাৰণ লোকৰ দৰেই জীৱন যাপন কৰিব নেকি বন্দনাই তাকে লৈ মানুহৰ মাজত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। যদিও বন্দনাক কিছুমান চৰ্ত সাপোক্ষে জামিন দিয়া হৈছে, কিন্তু কেতিয়া উচিত শাস্তি পাব বন্দনাই সেয়া এক ডাঙৰ প্ৰশ্ন।

You May Also Like

More From Author