ৰাশিফল:পুৰণি শত্ৰুতাৰ বাবে বিবাদৰ সম্ভাৱনা, জীৱনশৈলী সলনি হ’ব পাৰে, বিবাহিত লোকসকলৰ বাবে সময় উপযোগী

1 min read

আজি কাম-কাজ উন্নত কৰাৰ প্ৰয়োজন। নতুন ব্যৱসায়িক পৰিকল্পনা কৰিব পাৰে। আপোনাৰ দক্ষতা বৃদ্ধি পাব, জীৱিকাৰ নতুন উৎস স্থাপন হ’ব।

মেষ ৰাশি: আজি আপুনি কিছু দুখৰ খবৰ পাব পাৰে। ব্যৱসায়ত চিন্তাশীলভাৱে কাম কৰিলে লাভ পাব পাৰিব। কষ্ট কৰিলে অধিক সুফল পাব। কথা কোৱাৰ আগতে চিন্তা কৰিব। সময় আৰু ভাগ্যতকৈ বেছি কোনেও নাপায়, গতিকে নিজৰ সময় অহালৈ অপেক্ষা কৰা উচিত। সন্তানৰ সহায়ত কাম সম্পূৰ্ণ কৰিব পাৰিব। বাহনৰ সুখ পোৱাৰ সম্ভাৱনা আছে।

বৃষ ৰাশি: আজি আপুনি বহু উৎসৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ বিষয়ত চিন্তা থাকিব। ব্যক্তিগত কামৰ সন্দৰ্ভত অধিক লৰালৰি নকৰিব। আজি বিনিয়োগ কৰাটো আপোনাৰ বাবে শুভ হ’ব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব। সমাজত আপোনাৰ সুনাম হ’ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। আজি আপুনি কম কথা ক’ব কিন্তু ভালকৈ ক’বলৈ চেষ্টা কৰিব।

মিথুন ৰাশি: আজি অনুকূল সময়ৰ অনুভৱ হ’ব। ডাঙৰ কামৰ বাবে সময় শুভ। সম্পত্তিৰ কামত লাভৰ সম্ভাৱনা থাকিব। আৰ্থিক লাভৰ সুযোগ। ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰি পাৰিব। বিবাহিত মানুহৰ বাবে সময় উপযোগী। স্বাস্থ্য সম্পৰ্কে সজাগ হ’ব, চিকিৎসক বা যোগ্য ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ’ব। নতুন ঘৰলৈ যোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশি: আজি আপুনি বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। চাকৰিৰ কঠোৰ পৰিশ্ৰম অপচয় হৈ যাব। নিজৰ অসাৱধানতাৰ বাবে লাভৰ সুযোগ হেৰুৱাব পাৰে। আজি বিবাহৰ বাবে কৰা প্ৰচেষ্টা সফল হ’ব। নিজৰ স্বভাৱৰ পৰিৱৰ্তন অনাটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত পৰিকল্পনা কৰিলে লাভজনক হ’ব। অতিমাত্ৰা খং কৰা পৰিহাৰ কৰিব, অন্যথা আপোনাৰ খঙৰ বাবে পৰিয়ালৰ লোক অসুখী হৈ থাকিব।

সিংহ ৰাশি: দিনটোৰ আৰম্ভণিতে আপুনি এলেহুৱা অনুভৱ কৰিব। কেৰিয়াৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাত দ্বিধাবোধ হ’ব পাৰে। ধন উপাৰ্জন কৰাটো সহজ হ’ব, যাত্ৰা সফল হ’ব। আপুনি সহজেই কাৰোবাৰ পৰা বিপথে পৰিচালিত হোৱাৰ আশংকা আছে। গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যক্তিগত জীৱনত আনক প্ৰৱেশ কৰিবলৈ নিদিব। জীৱনশৈলী সলনি হোৱাৰ সম্ভাৱনা আছে। পুৰণি শত্ৰুতাৰ বাবেই বিবাদ সম্ভাৱনা আছে।

কন্যা ৰাশি: আজি আপোনাৰ কৰ্মসংস্থাপন লাভৰ প্ৰচেষ্টা সফল হোৱাৰ সম্ভাৱনা অত্যধিক। সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব। আপোনাৰ মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখিব। কামবোৰ সময়মতে সম্পন্ন হ’লে আপোনাৰ মনটো সুখী হ’ব। নিজৰ বাক্য দক্ষতাৰে সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। প্ৰেম প্ৰসংগৰ বাবে আপোনাৰ মনটো দুখী হৈ থাকিব।

তুলা ৰাশি: আজি কাম-কাজ উন্নত কৰাৰ প্ৰয়োজন। নতুন ব্যৱসায়িক পৰিকল্পনা কৰিব পাৰে। আপোনজনৰ লগত বিসংগতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ দক্ষতা বৃদ্ধি পাব, জীৱনশৈলী আৰু উপাৰ্জনৰ পৰিৱৰ্তনত আপোনাৰ মন সুখী হ’ব। জীৱিকাৰ নতুন উৎস স্থাপন হ’ব। পাৰিবাৰিক সম্প্ৰীতি থাকিব।

বৃশ্চিক ৰাশি: আজি আপুনি নিজৰ দায়িত্ব বুজিব লাগিব, পাৰিবাৰিক সুখ থাকিব। আজি আৰ্থিক সুবিধা লাভৰ সম্ভাৱনা আছে। মন সুখী হৈ থাকিব। অত্যধিক এলাহৰ বাবে কাম সম্পূৰ্ণ হোৱাত পলম হ’ব। সন্তানৰ বিবাহৰ বাবে কৰা প্ৰচেষ্টা আজি সফল হ’ব পাৰে। আপোনাৰ কামৰ শলাগ লোৱা মানুহে আপোনাৰ বিৰোধিতা কৰিব পাৰে। অট্টালিকা আৰু মাটিৰ লগত জড়িত বিবাদৰ অন্ত পৰিব।

ধনু ৰাশি: আপোনাৰ কথাৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হ’ব। আজি সন্তানৰ বাবে সময় অনুকূল। আৰ্থিক লাভৰ সুযোগ পাব, সামাজিক কাম সফল হ’ব। আজি নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সদস্যৰ সহায় নোপোৱাৰ ফলত আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। বাস্তুৰ মতে ঘৰত সালসলনি কৰিলে পাৰিবাৰিক উত্তেজনা শেষ হ’ব পাৰে।

মকৰ ৰাশি: প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অনুকূল দিন হ’ব। আজি কৰা বিনিয়োগ তথা ভ্ৰমণ সফল হ’ব। ধন লাভ সহজ হ’ব, ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ধন সংগ্ৰহ কৰিব। কামৰ ব্যস্ততাৰ বাবে নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ নাপাহৰিব। কথা কওতে সংযম ৰাখিব। আপোনাৰ ভাষণত মধুৰতা ৰাখিব। আজি আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি: আজি অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। সামান্য আঘাত, বিবাদ আদিৰ বাবে লোকচানৰ আশংকা থাকিব। তীৰ্থযাত্ৰাৰ সম্ভাৱনা আছে। নিজৰ পৰিয়ালৰ প্ৰতি সচেতন হ’ব। স্বাস্থ্যৰ প্ৰতি সাহধান হ’ব। অপ্ৰয়োজনীয়ভাৱে কাৰোবাক হাৰাশাস্তি নকৰিব। ভগ্নীৰ বিয়াক লৈ চিন্তা থাকিব।

মীন ৰাশি: আজি আপুনি কৰা বিনিয়োগ শুভ হ’ব। আত্মীয়ৰ সৈতে পাৰ্টি আৰু পিকনিক উপভোগ কৰিব পাৰিব। কামৰ বোজা থাকিব। মিছা কথা কোৱাৰ পৰা বিৰত থকাটো ভাল হ’ব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব। খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনাৰ লোকচান কৰিব পাৰে। আজি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। পৰীক্ষাৰ ফলাফল অনুকূল হ’ব।

You May Also Like

More From Author