অনুষ্কাৰ অপমৃত্যুৰ বাবে দায়ী কোন? প্ৰেমিক ৰাহুল, জুনু নে ভাৰাঘৰৰ মালিক?

1 min read

মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে। অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে প্ৰেমিক ৰাহুলৰ। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধোপাছা কৰিছে দিছপুৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কাৰ ভাৰাঘৰলৈও প্ৰায়ে গৈছিল ৰাহুল শইকীয়া। শনিবাৰে অনুষ্কাৰ ৰূমলৈ আহিছিল প্ৰেমিক ৰাহুল। CCTVত ধৰা পৰিছে ৰাহুল অনুষ্কাৰ ৰূমলৈ যোৱাৰ দৃশ্য। জানিব পৰা মতে ৰাহুল অনুষ্কাৰ মাজত কিবা কথাক লৈ কিছুদিনৰ পৰা কাজিয়া হৈ আছিল। শনিবাৰেও দুয়োজনৰ মাজত কাজিয়া হৈছিল। ইনষ্টাগ্ৰামতো বিষাদগ্ৰস্ত পোষ্ট দিছিল অনুষ্কাই। ৰাহুলক আৰক্ষীয়ে সোধোপোছা কৰিছে।

উল্লেখযোগ্য যে হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ ৰমেশ ভৰালীৰ হাউচ নং ৩ত ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। দেওবাৰে পুৱাৰ ভাগত জুনু বৰা নামৰ বনকৰা মহিলাগৰাকীয়ে চিপ লোৱা অৱস্থাত দেখা পাইছিল অনুষ্কাক। এক্সটেনচন কৰ্ডেৰে চিপ লৈছিল অনুষ্কাই। জীয়াই থকা বুলি লগে লগে তাৰ কাটি অনুষ্কাক নমাই আনিছিল জুনু বৰা নামৰ বনকৰা মহিলাগৰাকীয়ে। জুনু বৰাই লগে লগে ঘৰৰ মালিকক খবৰ দিছিল আৰু সেই সময়তে আৰক্ষীক খবৰ দিছিল ঘৰৰ মালিকে।

কিন্তু আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰিছিল অনুষ্কাৰ মৃতদেহ। ইতিমধ্যে ঘটনা সন্দৰ্ভত জুনু বৰা নামৰ মহিলাগৰাকীকো আটক কৰি সোধাপোছা কৰিছে আৰক্ষীয়ে। ঘৰৰ মালিক ৰমেশ ভৰালী আৰু মহিলাগৰাকীক কথাৰ তাৰতম্য পাইছে আৰক্ষীয়ে। জুনুৱে কোৱা মতে তেওঁ মালিকক পুৱা ৭:৩০ বজাত জনাইছিল। কিন্তু মালিকে আৰক্ষীক কোৱা মতে ৯:৩০ বজাতহে গম পাইছিল ঘটনাৰ বিষয়ে। আৰক্ষীয়ে জনোৱা মতে জুনু বৰা আৰু অনুষ্কাই দেওবাৰে পুৱতি নিশা প্ৰায় ৩ বজালৈ কথা পাতিছিল। মৃত্যুৰ আঁৰত কেনেবাকে জুনু বৰা জড়িত আছে নেকি সেই বিষয়ে আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

উল্লেখযোগ্য যে, মহানগৰীৰ ABCৰ Chee Glam নামৰ বিউটি ষ্টুডিঅ’ত কৰ্মৰত যুৱতীগৰাকী হত্যাৰ বলি হ’ল বুলি দাবী কৰে বহু সমন্ধীয় লোকে ৷ এবছৰৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল এইগৰাকী অনুষ্কা শইকীয়া ৷ এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ৷ লগতে মিচিং ছাত্ৰ সন্থায়ো পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ঘটনাক ৷ পৰিয়ালৰ অভিযোগ অনুসৰি জুনু বৰাৰ সৈতে সম্পৰ্ক আছিল ভাড়াঘৰৰ মালিকৰ। অভিযোগ মতে দুয়োৰে সম্পৰ্কৰ গোপন মুহূৰ্ত দেখা পাইছিল মৃত অনুষ্কা শইকীয়াই ৷ যাৰ বাবে অনুষ্কাৰ সৈতে সংঘাত হৈছিল ঘৰৰ মালিক আৰু জুনু বৰাৰ ৷ তেনে সময়তে অনুষ্কাৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে লোৱা নাই পৰিয়ালৰ লোকে। আৰক্ষীৰ অধিক তদন্তত পোহৰলৈ আহিব এই ৰহস্যজনক ঘটনাৰ প্ৰকৃত সত্য।

You May Also Like

More From Author