ধাৰ্মিক গ্ৰন্থৰ দ্বাৰা এই কথা জনা হয় যে, সনাতন ধৰ্মত সকলো দেৱী দেৱতাৰে বাহনৰ ৰূপত পশু পখীক আছিল। এই বিষয়ে বহু কথা প্ৰচলিত আছে। প্ৰাণী জগতৰ সৃষ্টি কৰাৰ পাচত এদিন সকলো দেৱী দেৱতাই পৃথিৱীলৈ বিচৰণ কৰিবলৈ আহিল। তেতিয়া সকলো পশু পখীয়ে, তেওঁলোকক পৃথিৱীত ঘূৰি ফুৰি বিচৰণ কৰি ভাগৰুৱা অৱস্থাত পালে আৰু তেতিয়া তেওঁলোকক তেনে অৱস্থাত দেখি পশু পখীৰ ভাল নালাগিল। আৰু সকলো পশু পখীয়ে অতিষ্ঠ হৈ দেৱী দেৱতাসকলৰ ওচৰলৈ গল। আৰু তেওঁলোকক কলে যে,আপোনা সৱৰ দ্বাৰা আমি উৎপন্ন হৈ আমি ধন্য হলো।কৃপা কৰি আপোনালোকে আমাক বাহন ৰূপত গ্ৰহণ কৰক। আৰু আমাক আপোনালোকৰ সেৱা কৰিবলৈ দিয়ক। সকলো দেৱী দেৱতাই তেওঁলোকৰ কথাৰ মান ৰাখি তেওঁলোকক নিজৰ বাহন ৰূপত বাচি লবলৈ আৰম্ভ কৰিলে।
তেতিয়া মা লক্ষ্মী দুভিদাত পৰিল, যে তেওঁ কাক তেওঁৰ বাহন হিচাপে লযব আৰু তেতিয়া পশু পখীৰ মাজতো এই সমস্যা হল যে মা লক্ষ্মীৰ বাহন কোন হব! যেতিয়া মা লক্ষ্মীৰ পাল পৰিল, তেতিয়া তেওঁ এই কথা ভাৱিলে, তেওঁ কাক নিজৰ বাহন ৰূপে লব আৰ মা লক্ষ্মীয়ে এই কথা ভাৱি থাকোতে পশু পখীৰ মাজত মাতা লক্ষ্মীৰ বাহন হবলৈ যুদ্ধ আৰম্ভ হল। এই কথাত মা লক্ষ্মীয়ে সকলোকে শান্ত কৰালে, আৰু কলে প্ৰত্যেক বছৰৰ কাৰ্তিক অমাৱশ্যা দিনত মই পৃথিৱীত বিচৰণ কৰিবলৈ আহো। আৰু সেইদিনাই মই আপোনালোকৰ মাজৰ কাৰোবাক নিজৰ বাহন ৰূপত লম।আৰু কাৰ্তিক অমাৱশ্যা দিনা সকলো পশু পখীয়ে অধীৰ আগ্ৰহেৰে মাতা লক্ষ্মী অহাৰ বাট চালে। ৰাতিৰ সময়ত যেতিয়া মাতা লক্ষ্মী পৃথিৱীলৈ আহিল, তেতিয়া ফেচাঁয়ে নিজৰ তীব্র দৃষ্টিৰে তেওঁক দেখিলে আৰু তীব্র গতীৰে তেওঁৰ কাষ পালেগৈ। আৰু মাতা লক্ষ্মীক প্ৰাৰ্থনা কৰিলে যে আপুনি মোক নিজৰ বাহন ৰূপত স্বীকাৰ কৰক। তেতিয়া মাতা লক্ষ্মীয়ে চাৰিওফালে চাই দেখিলে, যে সেই স্থানত আৰু কোনো পশু পখী নাই। তেতিয়া মাতা লক্ষ্মীয়ে আনন্দমনেৰে ফেচাঁক বাহন ৰূপত স্বীকাৰ কৰিলে। মাতা লক্ষ্মীয়ে ফেচাঁক নিজৰ বাহন ৰূপত লৈ পৃথিৱী পৰিক্ৰমা কৰিলে। তেতিয়াৰপৰাই মাতা লক্ষ্মীৰ বাহন ফেচাঁ হল।
ফেচাঁক অশুভ মনা হয়, বা ফেচাঁক মূৰ্খ বুলি ভবা হয়। মহালক্ষ্মী ৰাতিৰ দেৱী হয় ৰাতিৰ সময়ত ফেচাঁ বেছি প্ৰভাৱশালী হয়।যেতিয়া মা লক্ষ্মীয়ে অশান্ত, শূন্য স্থান, গুহা, পাতাল আদিলৈ যায় তেতিয়া তেওঁ ফেচাঁত যায়। তেওঁক ফেচাঁ বাহনী কোৱা হয়।