সচৰাচৰ বয়স্ককালত বাত নাইবা অন্যান্য ৰোগৰ প্ৰভাৱত বা দেহত উপযুক্ত কেলচিয়াম ভিটামিন ডি , চি, ফচফৰাচ আদিৰ অভাৱত হাড় মাংসপেশী আদিৰ দুৰ্বলতাৰ বাবে ককাল , ৰাজহাড় আদি যিকোনো অংগত হোৱা বিষ হল — স্বাভাৱিক ৰোগৰ উপসৰ্গ । ( Assamese Health Tips )
অন্যহাতে মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ বা প্ৰসৱ জনীত কাৰনত (বিশেষকৈ চাৰ্জিকেল ডেলিভাৰীৰ পিচত ) , প্ৰস্ৰাৱৰ বিকাৰ , দীৰ্ঘদিন কৌষ্ঠ কাঠিন্যতাত ভুগা , যথোচিত পৰিশ্ৰম নকৰা বা অত্যধিক শ্ৰম কৰা ,গধুৰ বস্তু উঠোৱা , ওখ গেৰোহাৰ চেন্দেল পিন্ধা , কোনো ৰোগ বা দৰৱৰ পাৰ্শক্ৰিয়াত বা কোনো দুৰ্ঘটনা জনীত কাৰনতো হব পাৰে ।
এনে নানাবিধ কাৰনৰ উপৰি আধুনিক জীৱনশৈলীৰ পৰিৱৰ্তন – বিশেষকৈ ডিজিটেল যুগত টিভি , মোবাইল, যান বাহন চলোৱা ,বিৰামবিহীনভাৱে কম্পিউটাৰত বহা আদি যিকোনো বয়সৰ লোকৰে এই ৰোগৰ প্ৰভাৱ বেচিকৈ পৰা দেখা যায় ।
#ৰোগৰ_লক্ষণ:- ৰাজহাড় , পিঠি আৰু ককাল অংশত বিষ হয় । গা ভাল নাথাকে । উঠা বহাত কষ্ট হয় । বিষত জ্বৰ হব পাৰে । উপযুক্ত চিকিত্সা নল’লে বা সঘনাই বিষৰ দৰৱ খাই থাকিলে ৰোগৰ পৰিস্থিতি জটিল হব পাৰে ।
প্ৰাথমিক পৰ্যায়ত বহুতো ৰোগ প্ৰাকৃতিকভাৱে নাইবা ঘৰুৱা যতনেৰেও আৰোগ্য হব পাৰি । তাকে নকৰি ৰোগ দেখা দিয়াৰ লগে লগে লক্ষন নুবুজি নিজে নিজে দৰৱ কিনি খোৱা অতি হানিকাৰক ।
বিশেষকৈ বিষনাশক দৰৱৰ পাৰ্শক্ৰিয়াই দেহত বিভিন্ন ৰোগৰ বাহক হব পাৰে ।
সেয়ে বিষ নিৰাময়ৰ কিছু প্ৰাথমিক উপায় তলত বৰ্নোৱা হ’ল ——-
# ঘৰুৱা_চিকিত্সা :-
🌀 #মালিচ:—– ককাল , পিঠি বা গাৰ বিষৰ প্ৰাথমিক চিকিত্সা হিচাবে মালিচ কৰাতো অতি ভাল উপায় । মালিচৰ ফলত ৰক্ত সঞ্চালন সুচাৰু ৰূপে হয় আৰু বিষ বেদনাৰ উপসম হয় ।
১) ২৫ মি:লি সৰিয়হ তেলত ৮/১০ কোহ নহৰু সৰুকৈ কাটি দি ৰঙা হোৱাকৈ ভাজিব আৰু ঠান্ডা হলে বটলত ভৰাব । এই তেলেৰে দিনে ১-২ বাৰ মালিচ কৰিলে ককাল,পিঠি বা যিকোনো স্থানত হোৱা বিষৰ উপসম হয় ।।
একেদৰে মেথিগুটি ভজা তেলেৰে বা মেথি আৰু নহৰু ভজা তেলেৰে মালিচ কৰিলে যথেস্থ আৰাম পায় ।
২। লং আৰু নহৰু মিহিকৈ থেতেলাই সৰিয়হ তেলত ভাজি সেই তেলেৰে মালিচ কৰিব পাৰে ।
৩। আদা এডোখৰ , পচতিয়া পাত ৮-১০টা আৰু নহৰু ৪-৫ ফুটা মিহিকৈ খুন্দি এড়ি তেল
( অভাৱত অন্য তেল ) মিহলাই অলপ তপতাই মালিচ কৰিব ।
৪ । বচ এডোখৰ তেলত ভাজি মালিচ কৰিব ।
৫ । জাইফল ১টা তিয়াই থৈ থেতেলাই তিল তেল মিহলি কৰি মালিচ কৰিব পাৰে ।
৬। মাটি মাহ নাইবা আলু থেতেলাই লেপ দিলেও বিষ কমে ।
৭। বিষ হোৱা ঠাইত নহৰুৰ ৰস লগালেও বিষ উপসম হয় ।
নাইবা আয়ুৰ্ব্বেদিক ফাৰ্মাচিত উপলব্ধ বিষনাশক তেলেৰেও মালিচ কৰিব পাৰে ।
#খোৱা_বনদৰৱ—–
১। ৰাতিপুৱা খালিপেটত দুইকোহ নহৰু থেতেলাই আধাকাপ পানীৰ লগত খালে বিভিন্ন ৰোগৰ লগতে বিষ নিৰাময় হয় ।
২। তুলসী সৰ্বৰোগ নাশক । ৮-১০টা তুলসী পাত সিজাই চাহৰ দৰে খালে বিষৰ লগতে নানাবিধ ৰোগ উপসম হয় ।
৩ । আদাৰ বিষনাশক গুণ আছে । সেয়ে নিয়মিত আদা কিছুপৰ সিজাই চাহ বনাই খাব পাৰে ।
৪। প্ৰস্ৰাৱৰ দোষত বিষ হ’লে মালিচৰ লগতে পাতেগজা( দুপৰটেঙা)ৰ ৮-১০খন পাতৰ ৰস দিনে দুবাৰ খাব ।
৫। কৌষ্ট কাঠিন্য বা ত্ৰিদোষ জনীত ( বাত,পিত্ত ,কফ) বিষত মালিচৰ লগতে নিয়মিত ১ চামুচকৈ ‘#ত্ৰিফলা_চুৰ্ন ৰাতি শোৱাৰ আগতে নাইবা তিয়াই থৈ ৰাতিপুৱা এগিলাচ গৰম পানীৰে খাব । বয়সীয়াল লোকে পাৰিলে সদায় খাব । ( Assamese Health Tips )
৬) এগিলাচ গাখীৰত ১চামুচ হালধি মিহলাই খালে বিষ কমে ।
🌀 #গৰম_সেক_দিয়া :–
গৰম পানীত আন্দাজমতে নিমখ দি কপাহী কাপোৰ তিয়াই সেক দিলে ,গৰম পানী ঢালিলে নাইবা বালি বা নিমখৰ টোপোলা তাৱা বা কেৰাহীত গৰম কৰি সেক দিলে বিষ কমে ।
💧#সুপথ্য—- ভেদাইলতা , মানিমুনি , অমিতা , শেৱালি ফুল , আমলখি , মৌজোল আদিৰ লগতে কেলচিয়াম, ফচফৰাচ ,ভিটামিন চি , ভিটামিন ডি যুক্ত আহাৰ খাব ।
, চিগাৰেট , ধপাত আদি নিচাদ্ৰব্য এৰাই চলিব ।
#___যৌগিক__চিকিৎসা___
ওপৰোক্ত চিকিত্সা সমুহতকৈ আটাইতকৈ
স্থায়ী , আৰু নিৰ্ভৰযোগ্য বিনামুলীয়া চিকিত্সা হল —#যোগচৰ্চা ।
যোগচৰ্চাৰ বাবে তলত ককাল বা পিঠিৰ বিষৰ উপযোগী কিছু যৌগিক আসন , প্ৰাণায়ামৰ নাম আঙুলিয়াই দিলো । (ওচৰৰ কোনো অভিজ্ঞ ব্যক্তি বা যোগ পুস্তিকাৰ জৰিয়তে শিকি লব )
আসন—১। #তাড়াসন ২। #মকৰাসন
৩।# মৰ্কতটাসন ৪।# ভুজঙ্গসন ৫।#শলভাসন . ৬। #অৰ্ধ_ধনুৰাসন ৭।#_নৌকাসন
৮।#উষ্ট্ৰাসন ৯।#ত্ৰিকোনাসন
১০। #কটি_চক্ৰাসন ১১। #কন্ধৰাসন
১২। #পৱন_মুক্তাসন ১৩।#অৰ্ধ_হলাসন আদি
#প্ৰাণায়াম –ভস্ত্ৰিকা, কপালভাতি ,বাহ্য-প্ৰাণায়াম , অনুলোম বিলোম ,ভ্ৰামৰী আদি
নিয়মিত অ্ভ্যাস কৰিলে সোনকালে আৰোগ্য হব ।
🚫 #সতৰ্কতা –
✔- ১। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নোলোৱাকৈ একেদিনেই সকলো আসন নকৰিব ।
✔ ২। আসন প্ৰাণায়াম সমুহ নিয়ম মতে লাহে লাহে কৰিব ।
✔৩। অধিক বিষ থাকিলে সহজ আসন কৰিব ।
✔৪। অধিক সময় ক’তো বহি নাথাকিব । মাজে মাজে থিয় হৈ বা খোজ কাঢ়ি জিৰনি লব ।
✔ ৫। গধুৰ বস্তু উঠোৱা নমোৱা নকৰিব
📛 ৬। পৰাপখক্ষত আগফাল কমকে হালিব ।
💋 ৭। মহিলাৰ গৰ্ভৱতী বা ঋতুকালীন অৱস্থাত, অস্ট্ৰোপচাৰ কৰা বা অন্য জটিল ৰোগত ভুগা ব্যক্তিয়ে যোগাসন নকৰিব ।
✔ ৮। ওখ গেৰোহা থকা বা হাই হীল চেন্দেল পৰিত্যাগ কৰিব ।
🏓 ৮। বিষনাশক দৰব সঘণাই নাখাব ।
🎈চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দৰৱ নাখাব
( এনে প্ৰাথমিক উপায়েৰে ৰোগ আৰোগ্য নহলে বা বিষ অধিক যন্ত্ৰণাদায়ক হ’লে চিকিত্সকৰ পৰামৰ্শ লব )