এইবছৰ ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ? কিমান সময় থাকিব স্বৰ্ণ ক্ৰয়ৰ শুভ মুহূৰ্ত?

1 min read

দুৰ্গা পূজা, লক্ষ্মী পূজা শেষ হোৱাৰ পিছতেই সমগ্ৰ দেশতে আৰম্ভ হৈছে দীপাৱলীৰ কাউণ্টডাউন। উৎসৱৰ বতৰে এতিয়া অপেক্ষা কৰি আছে কালী পূজা, দীপাৱলী আৰু ভাইফোঁটালৈ। আহিন আৰু কাতি মাহৰ উৎসৱৰ আশে-পাশে দেশৰ বিভিন্ন প্ৰান্ত সাজি-কাচি তোলা হয়। এইবাৰো কালী পূজা ২০২৩ৰ আশে-পাশে এক উৎসৱমুখৰ পৰিৱেশ। তাৰ আগতে এইবাৰ ধনতেৰাচ কেতিয়া পৰে চাওঁ আহক।

হিন্দু চান্দ্ৰ মাহৰ আহিন ত্ৰয়োদশীৰ দিনা ধনতেৰাচ পালন কৰা হয়। সোণ, ৰূপ আদি বহুমূলীয়া ধাতু ক্ৰয়ৰ বাবে এই দিনটো শুভ দিন বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও এই দিনটোত মানুহে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ লাভ কৰিবলৈ দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰক পূজা কৰে।

প্ৰতি বছৰৰ দৰে ধনতেৰাচ কেতিয়া উদযাপন হ’ব, সঠিক তাৰিখটো লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হয়, ১০ নৱেম্বৰ নে ১১ নৱেম্বৰ, কেতিয়া উদযাপন হ’ব ধনতেৰাচ?

 কেতিয়া উদযাপন হ’ব কালী পূজা? – পঞ্জিকা অনুসৰি এইবাৰ ইংৰাজীৰ ১২ নৱেম্বৰ আৰু অসমীয়াৰ ২৫ কাতি তাৰিখে কালী পূজা পৰিছে। অৰ্থাৎ দেওবাৰে পৰিছে কালি পূজা। প্ৰতি বছৰে অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। আৰু দীপাৱলীৰ আগৰ ত্ৰয়োদশীৰ বিশেষ দিনটোত ধনতেৰাচ পালন কৰা হয়।

 ধনতেৰাচ বা ধনত্ৰয়োদশী পূজা ২০২৩:
ধনতেৰাচ নামেৰেও পৰিচিত ধনত্ৰয়োদশী কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী চন্দ্ৰ দিনত পৰে। ই হিন্দুৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। পাঁচদিনীয়া দীপাৱলী উৎসৱৰ প্ৰথম দিনাই ধনত্ৰয়োদশী বা ধনতেৰাচ পালন কৰা হয়।
 ধনেতেৰাচ দিৱস আৰু তাৰিখ – ধন ত্ৰয়োদশী তিথি অৰ্থাৎ ধনতেৰাচ এই বছৰৰ ১০ নৱেম্বৰত পৰে। এই দিনটোত যিকোনো সোণ, ৰূপ বা মৃৎশিল্প কিনিলে ঘৰখনলৈ সমৃদ্ধি লাভ কৰিব বুলি বিশ্বাস কৰা হয়। এনে এটা দিনত সোণ কিনাটো অতি শুভ। ধন লক্ষ্মী ঘৰত প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয়।
ধনতেৰাচ তিথি- ধনতেৰাচ তিথি মিলিছে সন্ধিয়া ০৫:৪৭ বজাৰ পৰা আৰু সন্ধিয়া ৭.৪৩ বজালৈকে চলি থাকিব। এই শুভ সময়ছোৱাত বজাৰ কৰিলে ঘৰখনলৈ সমৃদ্ধি আহিব বুলি বিশ্বাস কৰা হয়। আৰু ধনতেৰাচৰ ক্ৰয় পৰ্যায়ৰ আৰম্ভণি হয় সেই তিথিৰ পৰা। এই উৎসৱ উপলক্ষে বহু ঠাইত দীপাৱলী মেলা দেখা যায়।
ধনতেৰাচৰ সময়সূচীৰ বিষয়ে জানিবলগীয়া সকলো কথা ইয়াত উল্লেখ কৰা হৈছে
ধনতেৰাচ পূজা মুহূৰ্ত –বিয়লি ০৫:৪৭ৰ পৰা ০৭:৪৩লৈ
সময়সীমা – ০১ ঘন্টা ৫৬ মিনিট
শুকুৰবাৰ, ১০ নৱেম্বৰ, ২০২৩
প্ৰদোষ কাল – পুৱা ০৫:৩০ বজাৰ পৰা ০৮:০৮ বজালৈ
বৃষ ৰাশি মঙলবাৰ – বিয়লি ০৫:৪৭ বজাৰ পৰা ০৭:৪৩ বজালৈ
ত্ৰয়োদশী তিথি আৰম্ভ – ১০ নৱেম্বৰ, ২০২৩ৰ পৰা ১২:৩৫ বজাৰ পৰা
ত্ৰয়োদশী তিথি শেষ হ’ব – ১১ নৱেম্বৰ, ২০২৩ তাৰিখে ০১:৫৭ বজাত

You May Also Like

More From Author