গল্ড লোনৰ নামত চলিছে নেকি নকল সোণৰ বেহা? যোৰহাটৰ SBFC বেংকত নকল সোণৰ কেইবাডালো চেইন ওলোৱাৰ পাছত পোহৰলৈ আহিল গল্ড লোনৰ নামত চলি থকা নকল সোণৰ বেহাৰ কাহিনী।
কাহিনীৰ আঁৰত কি?
কিছুদিন পূৰ্বে ৫ ডাল সোণৰ চেইন লৈ যোৰহাটৰ গড়আলিত থকা জনা স্মল ফাইনেন্স বেংকলৈ আহিছিল প্ৰিয়াক্ষী হাজৰিকা নামৰ এগৰাকী মহিলা। ৫ ডাল সোণৰ চেইনৰ বিনিময়ত গল্ড লোনৰ বাবে আবেদন কৰিছিল মহিলাগৰাকীয়ে। চেইন কেইডাল পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত ২ লাখ ৮৫ হাজাৰ টকাৰ ঋণ দিয়াৰ কথা ঘোষণা কৰিছিল জনা স্মল ফাইনেন্স বেংক কৰ্তৃপক্ষই। পাছে পাঁচোডাল চেইন নকল সোণৰ বুলি দাবী কৰি SBFC বেংক কৰ্তৃপক্ষই যোৰহাট থানাত এজাহাৰ দাখিল কৰাৰ পাছতে পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতি। কিন্তু জনা স্মল ফাইনেন্স বেংকত জমা দিয়া সোণৰ চেইন কেইডাল কেনেকৈ পালেহি SBFC বেংক?
ইয়াৰ আঁৰত আছে আন এটা কাহিনী। প্ৰিয়াক্ষী হাজৰিকাই গল্ড লোনৰ বাবে আবেদন কৰিছিল জনা স্মল ফাইনেন্স বেংকত। পাছে গল্ড লোনত অনুমোদন জনোৱাৰ পাছত ঋণটো SBFC বেংকলৈ হস্তান্তৰ কৰিছিল জনা স্মল ফাইনেন্স বেংকৰ দুগৰাকী কৰ্মচাৰীয়ে। সেই কৰ্মচাৰী দুগৰাকীৰ পৰা সোণৰ চেইন পাঁচডাল জমা লোৱাৰ পাছত SBFC বেংক কৰ্তৃপক্ষই প্ৰিয়াক্ষী হাজৰিকাৰ হাতত তুলি দিছিল ২ লাখ ৮৫ হাজাৰ টকা। তাৰপাছতে জমা লোৱা সোণৰ চেইন পাঁচডাল নকল সোণৰ বুলি চিনাক্ত কৰিলে SBFC বেংক কৰ্তৃপক্ষই।লগে লগে জনা স্মল ফাইনেন্স বেংকৰে যোগাযোগ কৰি ঋণৰ ধনখিনি ওভতাই দিবলৈ দাবী কৰিলে SBFC বেংকৰ লোকে। ওলোটাই জনা স্মল ফাইনেন্স বেংকে ধন ওভতাই বিচাৰিলে প্ৰিয়াক্ষী হাজৰিকাৰ পৰা। কিন্তু জমা লওতে ২২ কেৰেটৰ সোণ থকা বুলি চাৰ্টিফিকেট দিয়াৰ পাছত জমা দিয়া চেইন কেইডাল নকল সোণৰ বুলি মানি ল’বলৈ অস্বীকাৰ কৰিলে প্ৰিয়াক্ষী হাজৰিকাই।
Source: News18