শিৱসাগৰত হানী ট্ৰেপিঙৰ ভয়ংকৰ জাল। স্বামী–স্ত্ৰীয়ে চলাইছে হানী ট্ৰেপিঙৰ ভয়ংকৰ ৰেকেট। সুন্দৰী মহিলাৰ চলাহী কথাত ভোল গৈ হানী ট্ৰেপিঙৰ জালত ভৰি দি সৰ্বস্বান্ত বহুজন। কিন্তু শেহতীয়া এক ঘটনাই পোহৰলৈ আনিলে এই চাঞ্চল্যকৰ কাৰবাৰ। বাৰম্বাৰ ব্লেকমেইলিঙৰ চিকাৰ হোৱা এজন ব্যৱসায়ীয়ে অতিষ্ঠ হৈ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতে পোহৰলৈ আহে প্ৰৱঞ্চনাৰ ভয়ংকৰ ইতিবৃত্ত। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে প্ৰৱঞ্চক চক্ৰৰ তিনিজন।
এতিয়া আহো আচল কাহিনীলৈ। দীৰ্ঘদিন ধৰি শিৱসাগৰত হানী ট্ৰেপিঙৰ জৰিয়তে বিভিন্নজনক জালত পেলাই আহিছিল আৰছাদ আলী আৰু তেওঁৰ পত্নীয়ে। লগত আছিল সুমিত আগৰৱালা নামৰ আন এজন। ইয়াৰ পূৰ্বেও আৰছাদৰ পত্নী এনেধৰণৰ অভিযোগত দুবাৰকৈ জে’ললৈ গৈছে। কিন্তু চোৰে নেৰে চোৰৰ ধৰ্ম।
আৰছাদৰ পত্নীৰ চিনাকি হৈছিল এখন কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী অশোক কৰ্নানীৰ সৈতে। প্ৰথম অৱস্থাত ডাবল মানীৰ লোভ দিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ চলাহী কথাত ভোল গৈ অশোকে হাতত তুলি দিছিল ২ লক্ষাধিক টকা। ক্ৰমান্বয়ে মহিলাগৰাকীৰ মিঠা মিঠা কথাত মন গলি অশোকে ভৰি দিলে ফান্দত। তাৰ পিছত আৰম্ভ হ’ল প্ৰৱঞ্চনাৰ আন এক কাহিনী।