বনকৰা মহিলা আৰু ভাড়াঘৰৰ গৰাকীৰ চিকাৰ হ’ল নেকি ধেমাজিৰ অনুষ্কা?

1 min read

প্ৰেমিকৰে সংঘাত নে জুনুৰ গোপন মুহূৰ্তৰ দৃশ্য দেখাৰ বাবে শেষ নিশ্বাস পেলাব লগা হ’ল অনুষ্কাই? বনকৰা মহিলা আৰু ভাড়াঘৰৰ গৰাকীৰ চিকাৰ হ’ল নেকি ধেমাজিৰ অনুষ্কা?

প্ৰেমত হতাশা, কাৰোবাৰ আক্ৰোশ নে জীৱনৰ প্ৰতি অনীহা! কি কাৰণত দেওবাৰে হেৰাই গ’ল ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়া? ধেমাজিৰ পৰা কৰ্মসূত্ৰে মহানগৰীৰ হেঙেৰাবাৰীৰ হাউছ নম্বৰ ৩ত ভাড়াতীয়া হিচাপে আছিল অনুষ্কা। পুৱাই ভাড়াঘৰটোত লাগিল হুৱা-দুৱা। একেটা ঘৰতে কাম কৰা মহিলা হিচাপে থকা জুনু বৰাই ৰহস্যজনকভাৱে ফেনত ওলমি থকা যুৱতীগৰাকীক নমাই আনিলে ৷ গোট খালে অন্যান্য বাসিন্দা সকলো ৷ ততাতৈয়াকৈ খবৰ দিয়া হ’ল দিছপুৰ আৰক্ষীক। আৰক্ষী ঘৰটোত উপস্থিত হৈ লাভ কৰিলে বহু ক্লু ৷ মাতি আনিলে ফৰেনচিক বিভাগৰ লোকক ৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানতে সন্দেহ হ’ল কাম কৰা মহিলা জুনু বৰাৰ ওপৰতে ৷ লগে লগে উচ্চপদস্থ আৰক্ষীৰ নিৰ্দেশত আটক কৰি লৈ গ’ল থানালৈ।
উল্লেখযোগ্য যে, মহানগৰীৰ ABCৰ Chee Glam নামৰ বিউটি ষ্টুডিঅ’ত কৰ্মৰত যুৱতীগৰাকী হত্যাৰ বলি হ’ল বুলি দাবী কৰে বহু সমন্ধীয় লোকে ৷ এবছৰৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল এইগৰাকী অনুষ্কা শইকীয়া ৷ পুৱা বনকৰা মহিলা জুনু বৰাই মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিল অনুষ্কাক ৷ DCP আৰু ADCPয়ে নিজেই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰীক্ষা কৰে সকলো দিশ ৷ কিয়নো এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ৷ লগতে মিচিং ছাত্ৰ সন্থায়ো পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ঘটনাক ৷
পৰিয়ালৰ অভিযোগ অনুসৰি জুনু বৰাৰ সৈতে সম্পৰ্ক আছিল ভাড়াঘৰৰ মালিকৰ ৷ অভিযোগ মতে দুয়োৰে সম্পৰ্কৰ গোপন মুহূৰ্ত দেখা পাইছিল মৃত অনুষ্কা শইকীয়াই ৷ যাৰ বাবে অনুষ্কাৰ সৈতে সংঘাত হৈছিল ঘৰৰ মালিক আৰু জুনু বৰাৰ ৷ তেনে সময়তে অনুষ্কাৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে লোৱা নাই পৰিয়ালৰ লোকে ৷ কিন্তু ইয়াৰ ভিতৰতো অনুষ্কাৰ মৃত্যুত আন এক দিশো পোহৰলৈ আহিছে ৷ সঘনাই ভাড়াঘৰলৈ আহিছিল অনুষ্কাৰ প্ৰেমিক। শনিবাৰে নিশাও অনুষ্কাৰ ভাড়াঘৰলৈ আহিছিল প্ৰেমিক জন। প্ৰেমিকৰ সৈতে সংঘাতো হৈছিল অনুষ্কাৰ। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা এই বিষয়টোতো জোৰদাৰ তদন্ত আৰম্ভ কৰিছে ৷ কোন এই অনুষ্কাৰ প্ৰেমিক? শীঘ্ৰে দিছপুৰ আৰক্ষীয়ে আটক কৰি সোধা পোচা কৰিব অনুষ্কাৰ প্ৰেমিকক ৷ অনুষ্কাৰ মৃত্যৰ লগত জড়িত নেকি এই গৰাকী প্ৰেমিক? আৰক্ষীৰ অধিক তদন্তত পোহৰলৈ আহিব এই ৰহস্যজনক ঘটনাৰ প্ৰকৃত সত্য।

You May Also Like

More From Author