হিন্দু ধৰ্মত গায়ত্রী মন্ত্ৰক সকলো মন্ত্ৰ’তকৈ
শ্ৰেষ্ঠ আৰু প্ৰসিদ্ধ মন্ত্ৰ বুলি মানি অহা হৈছে..
গায়ত্ৰী মন্ত্ৰ কেৱল পূজাৰ সাধনেই নহয়..
বৰঞ্চ ই চয়ং-আৰাধনাৰো মাধ্যমে..।।।
এই সংসাৰত একমাত্র সূৰ্য্য দেৱতাকেই দেখা পোৱা-দেৱতা বুলি কোৱা হয়…
সূৰ্য্যদেৱতাৰ মহত্ব দৰ্শোৱা গায়ত্রী মন্ত্ৰ ফাঁকি হল-
ওঁ ভূভৰ্ৱ স্বঃ তৎসৱিতুবৰেণ্যং
ভৰ্গো দেৱস্য ধীমহি…
ধিয়ো য়োজন না প্ৰচোদয়াং…
(যাৰ অৰ্থ হৈছে-)
ওঁ-প্ৰণৱ
ভূৰ= মনুষ্যৰ প্ৰাণ প্ৰদান কৰোতা..
স্বঃ-সুখ প্ৰদান কৰোতা..
তৎ-তেওঁ….
সৱিতুৰ=সূৰ্যৰ সমান উজ্জ্বল…
বৰেণ্যং-/সকলোতকৈ উত্তম..
ভৰ্গো=কৰ্মৰ উদ্ধাৰ কৰোতা……
দেৱস্য-প্ৰভূ..
ধীমহি=আত্ম চিন্তনৰ যোগ্য. (ধ্যান)
ধিয়ো-বৃদ্ধি..
য়ো=যি
নং-আমাৰ-মোৰ…
প্ৰচোদয়াত=আমাক /মোক শক্তি দিয়া.. (প্ৰাৰ্থনা)
হে প্ৰাণস্বৰূপ দুঃখনাশক সুখস্বৰূপ শ্ৰেষ্ঠ
তেজস্বী-পাপনাশক.., দেৱস্বৰূপ পৰমাত্মক আমি
অন্তঃকৰণত ধাৰণ কৰো..।
সেই পৰমাত্মাই আমাৰ বুদ্ধিক সৎ মাৰ্গত প্ৰেৰিত কৰক..।
এনেয়েতো যিকোনো সময়তে এই গায়ত্রী মন্ত্ৰ জপ কৰিব লাগে…
তথাপিও-পুৱা সূৰ্যোদয়ৰ সময়ত…
দুপৰীয়া আৰু সূৰ্যাস্তৰ সময়ত এই… মন্ত্ৰৰ জপ কৰাত বেছি সুফল পোৱা যায়…!!!
গায়ত্ৰী মন্ত্ৰ নিয়মীয়া জপ কৰোঁতাই-
মানসিক শান্তি-দেহত শক্তি-সুখৰ প্ৰাপ্তি-
ইন্দ্ৰিয়ৰ সুস্হতা-খং দমন আৰু তীক্ষ্ণ বুদ্ধিৰ
গৰাকী হব পাৰে…(কথাখিনি সংগ্ৰহিত)