ক্ৰিকেট খেলপথাৰত বিপক্ষ দলৰ উশাহ বন্ধ কৰি দিয়ে মহম্মদ শ্বামীয়ে। বহু মেচত টিম ইণ্ডিয়াক ৰক্ষা কৰা শ্বামীয়ে এইবাৰ এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে! নৈনিতাল যোৱাৰ পথত টিম ইণ্ডিয়াৰ তাৰকা বলাৰ মহম্মদ শ্বামীৰ গাড়ীৰ সন্মুখত আন এখন গাড়ী দুৰ্ঘটনাত পতিত হয়। নৈনিতালৰ হিল ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা। শ্বামীৰ এই কাৰ্যই গাড়ীত থকা ব্যক্তিজনৰ জীৱন ৰক্ষা কৰিলে।
মহম্মদ শ্বামীয়ে নিজৰ ইনষ্টাগ্ৰামত এই দুৰ্ঘটনাৰ সম্পূৰ্ণ সবিশেষ শ্বেয়াৰ কৰিছে। লগতে তেওঁ এই ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰে। দুৰ্ঘটনাত পাহাৰৰ তলৰ জোপোহাত গাড়ী এখন বাগৰি পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি শ্বামীয়ে লিখিছে – ‘এই ব্যক্তিজন বৰ ভাগ্যৱান।’
View this post on Instagram
শ্বামীয়ে লগতে কয়, “ভগৱানে তেওঁক দ্বিতীয়বাৰৰ বাবে জীৱন দান দিলে। নৈনিতালৰ পাহাৰীয়া পথত মোৰ গাড়ীৰ ঠিক সন্মুখতে পাহাৰৰ পৰা তেওঁৰ গাড়ীখন বাগৰি পৰিল। আমি তেওঁক নিৰাপদে উদ্ধাৰ কৰিলোঁ।”
শ্বামীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে তেওঁ এজন আহত ব্যক্তিক চোৱাচিতা কৰি আছে। এই ঘটনাৰ পিছত তাত আৰু বহু লোক সমবেত হয় আৰু সকলোৱে তেওঁক দুৰ্ঘটনাগ্ৰস্তজনৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছিল। তাৰকা বলাৰগৰাকীয়ে আহতসকলক চোৱাচিতা কৰা দেখা গৈছে। তেওঁ কয় যে আমি তেওঁৰ জীৱন ৰক্ষা কৰিলোঁ। মহম্মদ শ্বামীৰ এই ভিডিঅ’টো দেখি সকলোৱে সামাজিক মাধ্যমত শ্বামীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। শ্বামীয়ে শ্বেয়াৰ কৰা ভিডিঅ’ সমূহে এই পৰ্যন্ত ৫ লাখ ৮০ হাজাৰতকৈ অধিক লাইক লাভ কৰিছে। এই সন্দৰ্ভত অনুৰাগীসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
স্কুলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শ্বামী নৈনীতাললৈ আহিছিল। শ্বামীৰ ভতিজীয়ে নৈনিতালৰ ছেইণ্ট মেৰী কনভেণ্ট স্কুলত পঢ়ে। শ্বামী তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পূৰ্বে শুকুৰবাৰে মহম্মদ ছামীয়ে গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। তেওঁ ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।
২০২৩ চনৰ বিশ্বকাপত বেগী বলাৰ মহম্মদ শ্বামীয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰি সৰ্বাধিক ২৪টা উইকেট দখল কৰিছিল। ২০২৩ চনৰ বিশ্বকাপত টিম ইণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই একেৰাহে ১০খন মেচত জয়লাভ কৰে। অৱশ্যে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় টিম ইণ্ডিয়া। বিশ্বকাপত পৰাজয়ৰ পিছত মহম্মদ ছামি অতি আৱেগিক হৈ পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড্ৰেছিং ৰুমত তেওঁক সান্ত্বনা দিছিল।