শিক্ষিত নিবনুৱাসকলৰ বাবে ভাল খবৰ। আকৌ ওলাইছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন। আজিৰে পৰা ১২৬০০ চৰকাৰী পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন। ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ ৭৬০০টা পদ আৰু চতুৰ্থ বৰ্গৰ বাবে আছে ৫০০০ পদ।
টুইটাৰযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰে মঙলবাৰে বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২ হাজাৰ ৬০০ পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন। নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই দিয়া ১ লাখ নিযুক্তিৰ অংশস্বৰূপে নিযুক্তি দিয়া হ’ব এই পদসমূহত। প্ৰাৰ্থীসকলে ১০ নৱেম্বৰৰ পৰা এই পদসমূহৰ বাবে কৰিব পাৰিব আবেদন। প্ৰপত্ৰ পূৰণৰ অন্তিম দিন ২৯ ডিচেম্বৰ ২০২৩।
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২,৬০০ পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে। লগতে আৰক্ষী বিভাগতো ৫,০০০ খালী পদৰ বাবে বিজ্ঞাপন ওলাইছে। স্বাস্থ্য বিভাগে ইতিমধ্যে ৩ হাজাৰ খালী পদৰ বাবে বিজ্ঞাপন দিছে। ইয়াৰ উপৰি শিক্ষা বিভাগত ১০ হাজাৰ খালী পদৰ বাবে শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপন। ৰাজ্যৰ নিবনুৱাসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জলসম্পদ বিভাগৰ ৬২জন সহকাৰী অভিযন্তাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কৈছিল যে শীঘ্ৰে ১০ হাজাৰৰো অধিক শিক্ষক-শিক্ষয়ত্ৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব।