ভগৱান বিষ্ণুক শংখৰ দ্বাৰা জল দিলে অতি প্ৰসন্ন হয়।।শংখ ভগৱান বিষ্ণুৰ খোবেই প্ৰিয়।কিন্তু ইয়াৰ বিপতিতে ভগৱান শিৱৰ পূজাত শংখ বজোৱা নহয় বা শংখৰ দ্বাৰা মহাদেৱক জল অৰ্পণ কৰা নহয়।ইয়াৰ কাৰন আজি আমি জানো আহক…
দাম্ভ নামে এক দৈত্যৰাজ আছিল আৰু তেওঁৰ কোনো সন্তান নথকাত ভগৱান বিষ্ণুৰ কঠুৰ তপস্যা কৰিছিল ভগৱান বিষ্ণুক প্ৰসন্ন কৰি পৰাক্ৰমী পুত্ৰৰ বৰদান পাইছিল। কিছু দিনৰ পাচত দৈত্যৰাজ দাম্ভৰৰ ঘৰত এটি পুত্ৰ সন্তান জন্ম হয় আৰু তাৰ নাম ৰখা হয় শংখচুৰ। শংখচুৰ জন্মৰেপৰা বৰ পৰাক্ৰমী আছিল আৰু পুষ্কৰত ব্ৰহ্মাৰ কঠুৰ তপস্যা কৰি ব্ৰহ্মাক প্ৰসন্ন কৰি তেওঁৰপৰা বৰ বিচাৰিলে যে, দেৱতাসকলৰ পৰা অজেয় হয়।ব্ৰহ্মাই শংখচুৰক শ্ৰীকৃষ্ণ কবচ দিলে লগতে ব্ৰহ্মাই শংখচুৰক ৰামধ্বজৰ কন্যা তুলসীক বিবাহৰ আজ্ঞা দিলে। তাৰপাছত ব্ৰহ্মা অন্তধ্যান হল।
ব্ৰহ্মা আৰু বিষ্ণুৰ বৰদান পায় শংখচুৰ তিনিও লোকতে বিজয় প্ৰাপ্ত কৰিলে।দেৱতাসকলে শংখচুৰৰ অত্যাচাৰত অতিষ্ঠ হৈ ভগৱান বিষ্ণুৰ সহায় বিচাৰিলে।কিন্তু ভগৱান বিষ্ণুৰ বৰদানৰপৰা শংখচুৰৰ জন্ম হৈছিল বাবে ভগৱান বিষ্ণুয়ে এই ক্ষেত্ৰত একো কৰিব নোৱাৰিলে। তেতিয়া দেৱতাসকলে ভগৱান শিৱৰ প্ৰাৰ্থনা কৰিলে। তেতিয়া দেৱতাসকলক শংখচুৰৰ পৰা মুক্ত দিবলৈ মহাদেৱে নিৰ্ণয় কৰিলে। কিন্তু শংখচুৰৰ কাষত শ্ৰী কৃষ্ণ কবচ আৰু তুলসী থকা বাবে ভগৱান শিৱই একো কৰিব পৰা নাছিল। তেতিয়া ভগৱান বিষ্ণুয়ে ব্ৰহ্মাৰ ৰূপ লৈ শংখচুৰৰ পৰা শ্ৰী কৃষ্ণ কবচ ভিক্ষা বিচাৰিলে।তাৰপাছত ভগৱান বিষ্ণুৱে শংখচুৰৰ ৰূপ লৈ তুলসীক হৰণ কৰিলে।এতিয়া শংখচুৰৰ ওচৰত শ্ৰী কৃষ্ণ কবচো নাছিল লগতে তুলসীও নাছিল। তেতিয়া ভগৱান শিৱই ত্ৰিসুলেৰে শংখচুৰক ভষ্ম কৰিলে। আৰু শংখচুৰৰ হাড়ৰ দ্বাৰা শংখৰ উৎপত্তি হল।
শংখচুৰ ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ ভক্ত আছিল,সেয়হে ভগৱান বিষ্ণু বা অন্য দেৱী দেৱতাক শংখৰ দ্বাৰা জল অৰ্পণ কৰা হয়। কিন্তু মহাদেৱে শংখচুৰৰ বধ কৰিছিল বাবে শিৱৰ পূজাত শংখৰ ব্যৱহাৰ কৰা নহয়