“Early to bed and early to rise, makes a man healthy, wealthy and wise.’ নাৰ্ছাৰীত বহুতেই এই কবিতা পঢ়িছিল৷ শাস্ত্ৰতো এই কথা উল্লেখ আছে৷ সূৰ্যোদয়ৰ সৈতে বিছনা এৰক আৰু নিশা সোনকালেই বিছনালৈ যাওক৷ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকিব৷ বিভিন্ন গ্ৰহৰ শুভ প্ৰভাৱত সৌভাগ্য খুলিবৰ বাবে এই নিয়ম মানি চলাটো খুবেই প্ৰয়োজন৷ কিন্তু এতিয়া প্ৰায়সংখ্যক লোকেই নিশা দেৰীলৈকে জাগি থাকি পুৱা দেৰীকৈ উঠাৰ অভ্যাস গঢ়ি তোলে৷ এই অভ্যাসেই আমাৰ অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি কৰে৷ চেষ্টা কৰিলেও টোপনি নাহে৷ নিশা টোপনি ক্ষতিৰ ফলত আমাৰ শৰীৰ মন আৰু মগজুত চাপ পৰে৷ জ্যোতিষ অনুসৰি নিশা টোপনি নোহোৱাৰ আঁৰত আছে এই কেইটা গ্ৰহৰ অশুভ দশা৷ নিদ্ৰাহীনতাৰ বাবে কোন কোন গ্ৰহ দায়ী?
শনি
শনি দেৱতাই নিয়ম মানি চলাটো খুবেই পছন্দ কৰে৷ আমি নিয়ম মানি নচলিলে শনি দেৱতা ৰুষ্ট হয়৷ টোপনিৰ ওপৰত শনিৰ বিশেষ প্রভাৱ আছে৷ শনিৰ অশুভ দশাই আমাৰ নিদ্ৰাহীনতাৰ সমস্যাৰ সৃষ্টি কৰে৷ শনিৰ কুপদৃষ্টিৰ ফলতেই আমাৰ নিদ্ৰাহীনতাৰ সমস্যা হয়৷
ৰাহু
ৰাহু দশাৰ কাৰণে জাতকৰ ওপৰত নানান নিগেটিভ প্ৰভাৱ পৰে৷ ৰাহুৰ অশুভ দশাৰ ফলত ইনছমেনিয়া বা নিদ্ৰাহীনতাৰ সমস্যা বাঢ়ে৷ ইয়াৰোপৰি ৰাহুৰ বাবেই মানসিক উদ্বেগ আৰু ভুল চিন্তা মনলৈ আহে৷ ৰাহু মানুহৰ মানসিক অৱস্থাৰ সৈতে জড়িত৷ সেয়ে কোষ্ঠীত ৰাহু দুৰ্বল হ’লে নিদ্ৰাহীনতাৰ সমস্যা বাঢ়ে৷ ৰাহু দশাৰ কাৰণেই ব্যক্তিৰ নিদ্ৰাহীনতাৰ সমস্যা বাঢ়ে৷
কেতু
ৰাহুৰ দৰে কেতুও অশুভ কাৰক গ্ৰহ৷ কেতুৰ অশুভ দশাৰ বাবে টোপনিৰ সমস্যা হয়৷ ইয়াৰোপৰি কেতুৰ অশুভ প্ৰভাৱত প্ৰস্ৰাৱৰ সমস্যা, আঁঠুৰ বিষ, কেৰিয়াৰত বাধা আৰু নানান ঘৰোৱা সমস্যাই দেখা দিব পাৰে৷
জ্যোতিষ অনুসৰি ৰাহু আৰু কেতু হ’ল শনিৰ শিষ্য৷ আটাইকেইগৰাকীয়েই শৰীৰৰ নিৰ্দিষ্ট স্থানত বসবাস কৰে৷ ৰাহুলে আমাৰ মূৰত বাস কৰে৷ কেতুৱে বাস কৰে হাড়, চুলি আৰু ইনটেছটাইনত শনিয়ে বাস কৰে৷ ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত থাকিলে কাহানিও এইকেইটা কাম নকৰিব৷ এইসমূহ কাম কৰিলে সমস্যাই আৰু গুৰুতৰ ৰূপ ধাৰণ কৰিব৷ ৰাতি এইসমূহ কাম নকৰিব৷
নিশা দেৰীলৈকে জাগি নাথাকিব৷
বেছি নিশা খাদ্য গ্ৰহণ নকৰিব৷
অন্যৰ টোপনি বিনষ্ট নকৰিব৷
নিশা টোপনি ভাল হ’বলৈ কি কি কৰিব?
নিশা টোপনি যোৱাৰ আগে আগে এবাটি পানী বিচনাৰ কাষত আনি থব৷
শোৱা ৰূম সদায় পৰিস্কাৰকৈ থাকিব৷
টোপনি নাহিলে কৰ্পূৰৰ গোন্ধ লওক৷
উত্তৰৰ ফালে মূৰ থৈ নোশোব৷
নিশা সদায় নীলা বা বগা ৰঙৰ পোছাকহে পৰিধান কৰিব৷