খন সংসাৰ। স্বামী-পত্নী আৰু তেওঁলোকৰ এটি ৩ বছৰীয়া সন্তান। প্ৰায় ছমাহ পূৰ্বে এদিন ব্যৱসায়ৰ কামত যাওঁ বুলি গুৱাহাটী মহানগৰীলৈ আহিছিল স্বামী। মহানগৰীলৈ অহাৰ পিছৰে পৰা যেন সলনি হ’ল স্বামীৰ মতি গতি। কমি আহিল পত্নী-সন্তানৰে লখিমপুৰৰ ঢকুৱাখনাত থকা সংসাৰখনৰ প্ৰতি দায়িত্ব। লাহে লাহে কমি আহিল পত্নীৰ সৈতে যোগাযোগ। মাজে সময়ে পত্নীয়ে ফোনেৰে যোগাযোগৰ চেষ্টা কৰে। কিন্তু কেতিয়াবাহে হয় সংযোগ। খুব কম সময়ৰ কথোপকথন, বিভিন্ন অজুহাত, দায়সৰা কথা আদিৰে পত্নীক দিনৰ পিছত দিন পাৰ কৰাই আছে। পত্নীয়ে কেতিয়াও কোনো কথাৰ নাপায় সঠিক উত্তৰ। এনেদৰে ছমাহ পাৰ হৈ গ’ল। ৩ বছৰীয়া সন্তানটিক বুকুত বান্ধি অকলে সংসাৰ চলোৱাটো কঠিন হৈ পৰিল পত্নীৰ বাবে। পত্নীৰ মনতো কিছুমান কথাত সন্দেহে উকমুকালে। তাৰপিছত স্বামীক বিচাৰি লখিমপুৰৰ পৰা আহি গুৱাহাটী পালেহি মহিলাগৰাকী।
স্বামীয়ে দীৰ্ঘদিন ধৰি সম্পৰ্ক নৰখাৰ উত্তৰ বিচাৰি গুৱাহাটী পালেহি লখিমপুৰ ঢকুৱাখনাৰ হেলিন্স জ্যোতি পেগু। এইখিনিতে লাগিল কেনা। জহি খহি গ’ল পত্নীৰ সপোনৰ সোণৰ সংসাৰ। মহানগৰীত আহি কানায়ে পাতিলে আন এখন সংসাৰ। প্ৰথম পত্নীক অজ্ঞাতে ৰাখি প্ৰেয়সীৰ সৈতে ইতিমধ্যে দ্বিতীয় বিবাহপাশত আৱদ্ধ হৈছে স্বামী সুশান্ত কানাই পাটিৰ। যোৱা মে’ মাহৰ ২৮ তাৰিখে দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰিছে আন এগৰাকী যুৱতীক। তাৰপিছৰে পৰা গুৱাহাটীত দ্বিতীয় পত্নীৰ সৈতে সংসাৰ যাপন কৰি আছে কানায়ে।