সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

1 min read

” যং যং ৱাপি স্মৰণ ভাৱং ত্যজত্যন্তে কলেৱৰম্ |

তং তমেৱৈতি কৌন্তেয় সদা তদ্ভাৱভাৱিতঃ || ”

গীতা

গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে- হে কুন্তী পুত্র, মৰণৰ সময়ত যিভাৱ স্মৰণ কৰি মানুহে দেহত্যাগ কৰে, সদায় সেই ভাৱত মন নিৱিষ্ট থকাৰ কাৰণে, সেইজন মানুহে সেই সেই ভাৱকে পায় |

মৃত্যুৰ সময়ত যন্ত্ৰণাত চটফটাই থাকোতে ঈশ্বৰৰ নাম স্মৰণ বা উচ্চাৰণ কৰিবলৈ মুঠেও সম্ভৱ নহয় | ভগৱান কৃপা হলেহে জীৱৰ বাবে এই কাম সুলভ হয় | ঈশ্বৰৰ পাদপদ্মক পিঞ্জৰাৰ দৰে ভাবি ৰাজহংস ৰূপী মনক সেই পিঞ্জৰাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিলে অন্তিম কালত হৰিৰ পাদপদ্ম স্মৰণ সুলভ হব পাৰে | ইয়াৰ তাত্বিক অৰ্থ এয়ে যে মানুহে সময় থাকোতেই ঈশ্বৰ কৃষ্ণত একান্ত বিশ্বাসে শৰণাপন্ন হৈ মনত অবিৰাম ঈশ্বৰৰ চৰণ সেৱাত ব্ৰতী কৰাব লাগে | যাৰ মনে কৃষ্ণ পদ সেৱা সুখ লাভ কৰে অৰ্থাৎ কৃষ্ণৰ পদসেৱাত মন মজি থাকে তেনে লোকৰ কণ্ঠ ৰূদ্ধ হৈ নাম উচ্চাৰণ কৰিব নোৱাৰিলেও কৃষ্ণৰ চৰণ স্মৰণেই অতি অপ্ৰয়াসে জীৱক মৃত্যু যন্ত্ৰণা পাৰ কৰিব পাৰে

You May Also Like

More From Author