নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (নীপকো)ৰ তৰফৰ পৰা ৭৫টা গ্রেজুৱেট এপ্রেণ্টিছ আৰু টেকনিচিয়ান এপ্রেণ্টিছৰ খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্রহী আৰু উপযুক্ত প্রার্থীয়ে অনলাইনযোগে আবেদন জনাব পাৰিব৷ গ্রেজুৱেট এপ্রেণ্টিছৰ খালী পদৰ সংখ্যা ২৮টা৷ ইয়াৰে আছাম গেছ বেছ্ড পাৱাৰ ষ্টেচন, ডিব্রুগড়ত ২টা পদ আগৰতলাৰ গেছ বেছড পাৱাৰ ষ্টেচন, ত্রিপুৰাত ৫টা, কামেং হাইড্র’পাৱাৰ ষ্টেচন, অৰুণাচল প্রদেশত ১টা, পেনি’ৰ লৱাৰ হাইড্র’পাৱাৰ ষ্টেচন, অৰুণাচল প্রদেশত ৭টা পদ, ত্রিপুৰা গেছ বেছ্ড পাৱাৰ ষ্টেচনত ৫টা আৰু টুৰিয়েল হাইড্র’ পাৱাৰ ষ্টেচন, মিজোৰামত ৪টা পদ খালী আছে৷ এবছৰৰ বাবে প্রার্থী নিয়োগ কৰা হ’ব৷ প্রার্থীসকলক মাহিলি ১৮,০০০ টকা দৰমহা দিয়া হ’ব৷ আবেদনৰ বাবে প্রার্থীসকলৰ ইঞ্জিনীয়াৰিং অথবা টেকন’লজী বিষয়ত ডিগ্রী থাকিব লাগিব৷ টেকনিচিয়ান এপ্রেণ্টিছৰ খালী পদৰ সংখ্যা ৮টা৷ ইয়াৰে আছাম গেছ বেছ্ড পাৱাৰ ষ্টেচন, ডিব্রুগড়ত ১টা, কামেং হাইড্র’ পাৱাৰ ষ্টেচন, অৰুণাচল প্রদেশত ৩টা, ত্রিপুৰা গেছ বেছড পাৱাৰ ষ্টেচন, ত্রিপুৰাত ১টা আৰু টুৰিয়েল হাইড্র’ পাৱাৰ ষ্টেচন, মিজোৰামত ৩টা পদ খালী আছে৷ প্রার্থীসকলক এবছৰৰ বাবে নিযুক্তি দিয়া হ’ব আৰু মাহিলি ১৫,০০০ টকাকৈ দৰমহা দিয়া হ’ব৷ প্রার্থীসকলৰ ইঞ্জিনীয়াৰিং অথবা টেক্ন’লজীত ডিপ্ল’মা থাকিব লাগিব৷ গ্রেজুৱেট অথবা সমপর্যায়ৰ ডিগ্রীধাৰী প্রার্থীৰ বাবে ১৪টা পদ খালী আছে৷ এই প্রার্থীসকলক উত্তৰ পূর্বাঞ্চলৰ ৫টা স্থানত নিযুক্তি দিয়া হ’ব এবছৰৰ বাবে৷ দৰমহা মাহিলী ১৫,০০০টকা৷ একেদৰে ট্রেড এপ্রেণ্টিছৰ খালী পদৰ সংখ্যা ২৫টা৷ সেই প্রার্থীসকলক উত্তৰ পূর্বাঞ্চলৰ ৬টা স্থানত এবছৰৰ বাবে নিযুক্তি দিয়া হ’ব৷ প্রার্থীসকলৰ মাহিলি দৰমহা হ’ব ১৪,৮৭৭ টকা৷ প্রার্থীসকল উত্তৰ–পূর্বাঞ্চলৰ বাসিন্দা হোৱাটো বাধ্যতামূলক৷ প্রার্থীৰ বয়স ২০২৩ চনৰ ১ নৱেম্বৰত সর্বনিম্ন ১৮ বছৰ আৰু সর্বাধিক ২৮ বছৰ হ’ব লাগিব৷ বিধি অনুসৰি প্রার্থীৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হ’ব৷ আগ্রহী প্রার্থীসকলে ৩০ নৱেম্বৰৰ ভিতৰত আবেদন জমা দিব লাগিব৷
নীপকোত ৭৫টা পদৰ বাবে আবেদন আহ্বান
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/11/Copy-of-DC-17.jpg)
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025