12 দিনৰ পিচতো সন্ধান ওলোৱা নাই ৰুকছানাৰ…

1 min read

ৰাজ্যজুৰি সঘনাই ছাত্ৰ-ছাত্ৰী অপহৰণৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত এগৰাকী নাবালিকাক বিদ্যালয়ৰ পৰা অপহৰণ কৰা খবৰ পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লক্ষীগঞ্জ আৰক্ষী চকীৰ শুকলাৰটাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, গাঁওখনৰ বাসিন্দা হাসেম আলীৰ 15 বছৰীয়া কন্যা ৰুকছানা বেগম নিখোঁজ হৈ আছে ৷ ৰুকছানা লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আছে ৷

অইন দিনৰ দৰে যোৱা 20 অক্টোবৰত ছাত্ৰীগৰাকী বিদ্যালয়লৈ যোৱাৰ পিচতে নিখোঁজ হয় ৷ তাৰ পিচতে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে সকলোতে বিচাৰ খোচাৰ কৰে যদিও কোনো সম্ভেদ উলিয়াৱ নোৱাৰি অপহৰণ হোৱাৰ সন্দেহ কৰি স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিন্তু 12 দিন উকলি যোৱাৰ পিচতো লক্ষীগঞ্জ আৰক্ষীয়ে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিব পৰা নাই।

আনহাতে ভুক্তভোগী পৰিয়ালে কন্যাৰ সন্ধানত আৰক্ষী চকীলৈ গ’লেই লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ ৰাভাই ওলোটাই ধমক দি আৰু অপদস্ত কৰে বুলি অভিযোগ উত্থাপন কৰে ৷ উপায়ন্তৰ হৈ নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ বাবে ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিংহৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালৰ লোকে। তাৰোপৰি নাবালিকাগৰাকীক যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে 93656-97345 এই মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ভুক্তভোগী পৰিয়ালে।

You May Also Like

More From Author