…গুৱাহাটী হৈ পৰিব কবৰস্থান- বদৰুদ্দিন আজমল

1 min read

সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নেতাই বিভিন্ন বিতৰ্কিত মন্তব্যৰে নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। নিজৰ স্থিতি মজবুত কৰিবলৈ ইটো দলে সিটো দললৈ বোকা ছটিওৱা আৰম্ভ কৰাৰ লগতে বিভিন্ন মন্তব্যৰে আক্ৰমণ কৰি আহিছে। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও বিভিন্ন বিতৰ্কিত মন্তব্য সময়ে সময়ে কৰি আহিছে। সম্প্ৰতি আন কিছু মন্তব্যৰে আজমলে পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে। আজমলে এখন সভাত ভাষণ আগবঢ়াই কয়- ‘৩ দিন মিঞা নাথাকিলে গুৱাহাটী অচল হৈ যাব, মিঞা নাথাকিলে গুৱাহাটী হৈ পৰিব কবৰস্থান। মিঞা নাথাকিলে মাছ, শাক-পাচলি ক’ৰ পৰা খাব। মিঞা নাথাকিলে ঘৰ নিৰ্মাণ কৰা মানুহ নাপাব।’ তদুপৰি আজমলে কয়- ইছলামক পৃথিৱীৰ পৰা কোনেও শেষ কৰিব নোৱাৰে। ভাৰতত ৰাজত্ব কৰিবলৈ হ’লে মিঞাৰ ভৰি ধোৱা পানী খাব লাগিব।’ এইধৰণৰ বিতৰ্কিত ভাষণেৰে আজমলে নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে।

You May Also Like

More From Author