৪১৬ কোটি টকাত এপ্‌ বিক্ৰী কৰি ডিব্ৰুগড়লৈ উভতিল কিষাণ

0 min read

 বিশ্ব ‘জয়’ কৰি ঘৰলৈ উভতি আহিল কিষাণ বাগাৰিয়া৷ ডিব্ৰুগড়ৰ এই যুৱকজনৰ সফলতাই ইতিমধ্যে পৃথিৱীজুৰি চৰ্চা লাভ কৰিছে৷ নিজে সৃষ্টি কৰা এটা এপ্‌ ৪১৬ কোটি টকাত বিক্ৰী কৰি নিউয়ৰ্কৰ পৰা ঘৰলৈ উভতি আহিল প্ৰতিভাৱান যুৱকজন৷ উল্লেখ্য, ডিব্ৰুগড়ৰ সন্তান কিষাণ বাগাৰিয়াই নিৰ্মাণ কৰা ‘টেক্সট্‌ছ ডট কম’ নামৰ মেছেজিং এপ ৫০মিলিয়ন মাৰ্কিন ডলাৰত (৪১৬ কোটি টকা) ক্ৰয় কৰিলে বিশ্বৰ প্ৰখ্যাত ৱেব প্ৰতিষ্ঠান অট’মেটিক কোম্পানীয়ে৷ ডিব্ৰুগড় চহৰৰ থানা চাৰিআলি নিৱাসী চাৰ্টাৰ্ড একাউনটেণ্ট মহেন্দ্ৰ বাগাৰিয়া আৰু নবীতা বাগাৰিয়াৰ পুত্ৰ কিষাণ বাগাৰিয়াই অট’মেটিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) মেটৱেলেংগেৰ সৈতে  বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷ ৱ’ৰ্ডপ্ৰেছ ডট কম, টাম্বলৰ, পকেট কাষ্ট, ডে’ ৱান এপ, ৱো কমাৰ্চ আদিৰ দৰে জনপ্ৰিয় ৱেবচাইট পৰিচালনা কৰা অট’মেটিক কোম্পানীয়ে ক্ৰয় কৰিলে কিষাণ বাগাৰিয়াৰ টেক্সট্‌ছ ডট কম৷ দ্বাদশ শ্ৰেণীলৈকে পঢ়া কিষাণ বাগাৰিয়াৰ এই সফলতা বিশ্বজুৰি চৰ্চিত হৈ পৰিছে৷ প্ৰতিভাসম্পন্ন যুৱকজনে ১২ বছৰ বয়সতে ৱেব ডিজাইনিং কৰি মাহে ১০হাজাৰ টকাকৈ উপাৰ্জন কৰিছিল৷ ডিব্ৰুগড়ৰ ডন বস্ক’ স্কুলত সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পাছত অগ্ৰসেন একাডেমীত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰি কিষাণে আনুষ্ঠানিক শিক্ষা সাং কৰে যদিও পৰিয়ালৰ হেঁচাত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়৷ কেৱল মেছেজিং এপ বিক্ৰী কৰাই নহয়, কিষাণে অট’মেটিক কোম্পানীৰ ৱেবছাইটটো পৰিচালনা কৰাৰ বাবে ৫০ কোটি টকাত চুক্তিবদ্ধ হৈছে৷ কিষাণ বাগাৰিয়াই ডেভেলপ কৰা টেক্সট্‌ছ ডট কমত ইনষ্টাগ্ৰাম, টুইটাৰ, মেছেঞ্জাৰ, হোৱাট্‌ছএপ, লিং ইন আদিৰ দৰে জনপ্ৰিয় সামাজিক মাধ্যমৰ এপ্‌সমূহ একেখন প্লেটফৰ্মতে উপলব্ধ৷ এই এপ্‌সমূহত অহা মেছেজৰ সহজে ৰিপ্লাই দিয়াৰো ব্যৱস্থা আছে টেক্সট্‌ছ ডট কমত৷

You May Also Like

More From Author