অশালীন প্ৰশ্ন? ৫ ঘণ্টা জেৰাৰ পাছত ক্ষুব্ধ মহুৱাৰ ৱাক-আউট

1 min read

লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আজি এথিক্স কমিটীৰ পাঁচঘণ্টাজোৰা জেৰাৰ সন্মুখীন হ’ব লগা হয় তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই৷ ইয়াৰ বাবে তেওঁক কমিটীখনে  ১১ বজাত সংসদৰ এনেক্স ভৱনত উপস্থিত হ’বলৈ কোৱা হয় যদিও কিছু পলমকৈ হাজিৰ হয় সাসংদগৰাকী৷ ইফালে জেৰাকালত সাংসদগৰাকীক কমিটীখনে কৰা অশালীন আৰু সম্পূৰ্ণ ব্যক্তিগত বিষয় সম্পৰ্কীয় প্ৰশ্নক কেন্দ্ৰ কৰি তুমুল বিতৰ্কৰ সৃষ্টি হয়৷ ফলত এটা সময়ত খঙে-ৰাগে টিঙিৰিতুলা হৈ জেৰা চলি থকাৰ মাজতে ওলাই আহে সাংসদ মহুৱা মৈত্ৰ৷ উল্লেখ্য যে এথিক্স কমিটীৰ জেৰাকালত কমিটীখনৰ অধ্যক্ষ তথা বিজেপি সাংসদ বিনোদ সোনাকাৰে মহুৱা মৈত্ৰক বিদেশ ভ্ৰমণ কৰাৰ সময়ত কোনখন হোটেলত থাকে, হোটেলত কোনে তেওঁক সংগ দিয়ে, বিল কোনে আদায় দিয়ে আদি জাতীয়  প্ৰশ্নৰে অতিষ্ঠ কৰি তোলে৷ তদুপৰি নিশা তেওঁ কাৰ সৈতে ফোনত বাৰ্তালাপ কৰে সেই সন্দৰ্ভতো অধ্যক্ষ আৰু বিজেপি সদস্যসকলে প্ৰশ্ন কৰে৷ কমিটীখনৰ এনে ব্যক্তিগত আৰু অশালীন প্ৰশ্নৰ সন্মুখীন হোৱাত স্বাভাৱিকতে সাংসদগৰাকী অস্বস্তিত পৰে আৰু এটা সময়ত খঙত অগ্নিশৰ্মা হৈ উঠে৷ পৰিণতিত জেৰা চলি থকা সময়তে তেওঁ ইয়াৰ প্ৰতিবাদ জনাই চিৎকাৰ কৰিবলৈ ধৰে আৰু এটা সময়ত বাহিৰলৈ ওলাই আহে৷ এথিক্স কমিটীৰ  সন্মুখৰ পৰা আঁতৰি আহি তেওঁ সাংবাদিকৰ আগত জেৰাকালত সন্মুখীন হোৱা অশালীন প্ৰশ্নসমূহৰ বিষয়ে ৰাজহুৱা কৰে৷ মহুৱাৰ লগতে এথিক্স কমিটীত সদস্য হিচাপে থকা আন পাঁচজন বিৰোধী সাংসদেও কমিটীখনৰ পৰা ৱাকআউট কৰে৷ উল্লেখ্য যে এথিক্স কমিটীখনৰ মুঠ ১১জন সদস্যৰ পাঁচজন বিৰোধী দলৰ আৰু ৬জন বিজেপিৰ৷ বিৰোধী সদস্যসকলৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ এজনো সদস্য নাই যদিও ইয়াৰে দুজন কংগ্ৰেছ এজন জে ডি ইউ, এজন চি পি আই আৰু এজন বি এছ পিৰ সদস্য আছিল৷ বিৰোধীৰ এই সদস্য কেইজনেও সাংসদ মহুৱাক সমৰ্থন জনাই অধ্যক্ষ আৰু বিজেপি সদস্যসকলে কৰা প্ৰশ্নৰ প্ৰতিবাদ জনায়৷ তৃণমূলৰ সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ জেৰাত খোদ এথিক্স কমিটীৰ অধ্যক্ষই অভিযুক্তক কৰা অশালীন আৰু সম্পূৰ্ণ ব্যক্তিগত প্ৰশ্নসমূহক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃৃষ্টি হৈছে৷

You May Also Like

More From Author