যোৰহাটৰ পৰাই প্ৰাৰ্থী গৌৰৱ গগৈ…

1 min read

‘হেলিকপ্টাৰেৰে অসম পৰিভ্ৰমণ কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহৰ দুখ দেখা নাপায়৷ চৌদিশে উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰি থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যালয়ত সাধাৰণ মানুহৰ চকুলোৰ মূল্য নাই৷’ –শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ লাইবিল মুৰংঘৰত আজি ‘চাঙে চাঙে কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকি এইদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি কয়– ‘মুখ্যমন্ত্ৰীয়ে অসমৰ বিভিন্ন প্ৰান্তত মাটি কিনাৰ লগতে হোটেল কিনা, চাহ বাগান কিনা, টিভি চেনেল কিনা আদি সম্পত্তি ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে৷ ৰাইজৰ দুখৰ কথা অৱগত কৰিব বিচাৰিছোঁ৷ কিন্তু বিজেপি চৰকাৰে আমাক ইতিকিং কৰে৷ গুৱাহাটীৰ বিজেপি ভৱনত চাকৰিৰ বজাৰ ওলাইছে৷ য’ত একোটা চাকৰি তিনিলাখ টকাত বিক্ৰী হৈছে৷ গুৱাহাটী বিজেপি কাৰ্যালয়ত মহিলা সুৰক্ষিত নহয়৷ পুৰুষৰ আতিশয্যত মহিলাকৰ্মীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে৷ অসমত কংগ্ৰেছ চৰকাৰ হ’লে দুশ ইউনিট বিদু্যত বিল ফ্ৰী দিয়া হ’ব৷ তদুপৰি, ন-লখিমী আঁচনি প্ৰৱৰ্তন কৰি প্ৰতি মাহৰ ৯ তাৰিখে ২৫০০ টকাকৈ মহিলাসকলক প্ৰদান কৰা হ’ব৷ বত্তৰ্মান শাসকীয় চৰকাৰখনে অৰুণোদয় আঁচনি প্ৰদানৰ নামত ব্যাপক স্বজন তোষণৰ আশ্ৰয় লৈছে৷ অসমৰ প্ৰকৃত দৰিদ্ৰ আশী শতাংশ মহিলাই আজিও অৰুণোদয় পোৱা নাই৷ কংগ্ৰেছ চৰকাৰ হ’লে মিচিং, দেউৰী, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠী, কাৰ্বি আদি প্ৰতিটো জনগোষ্ঠীৰ মহিলাই আঁচনিৰ ধন লাভ কৰিব৷’ সভাপতি ভূপেন বৰাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক নিমাতী কইনা আখ্যা দি কয় যে তেওঁ পাঁচ বছৰত ৫ মিনিটত ৫টা  সমস্যা সংসদত উত্থাপন কৰাত ব্যৰ্থ হৈছে৷ সাংসদ তপন কুমাৰ গগৈয়ে সংসদত নিমাতী কইনা হৈ পাঁচটা বছৰ শেষ কৰিলে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সাংসদত কেইবাটাও বিষয়ত প্ৰশ্ন উত্থাপন কৰি সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ যোৰহাট লোকসভা সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গৌৰৱ গগৈ হ’ব বুলিও তেওঁ উল্লেখ কৰে৷  অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈয়ে আঁতধৰা অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী,  প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, এটোৱা মুণ্ডা, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ঢকুৱাখনা সমষ্টিৰ প্ৰাক্তন বিধায়ক পদ্মলোচন দলে, মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজীৱলোচন পেগু, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰয দিহিঙীয়াকে ধৰি বহু বিশিষ্ট নেতা-বিষয়ববীয়া উপস্থিত থাকে৷ ইফালে সভাৰ পূৰ্বে সভাপতি ভূপেন বৰা, ৰাণা গোস্বামী, প্ৰণতি ফুকনকে ধৰি অতিথিবৃন্দক মিচিং জনগোষ্ঠীৰ শতাধিক যুৱতী-মহিলা আৰু ৰাইজে ঢোলে-দগৰে আদৰি আনে৷ উল্লেখ্য, আজি থাওৰা সমষ্টিৰ কৈৱত্তৰ্ দলনি, বৰগুৰি মিচিং গাঁও, শিঙিয়নী আৰু দলপাত চাৰিখনকৈ সভাত ‘চাঙে চাঙে কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই৷

You May Also Like

More From Author