ঐক্যমঞ্চই প্ৰাৰ্থী দিব নোৱাৰিলে, ধুবুৰীত মোৰেই জয়

1 min read

লোকসভাৰ আগন্তুক নিৰ্বাচনত অসমৰ ১৫ দলীয়া ঐক্য মঞ্চৰ অন্তৰ্গত কোন দলে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব? এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে দাবী কৰা মতে ধুবুৰী সমষ্টিত হেনো এই পৰ্যন্ত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীয়ে চূড়ান্ত হোৱা নাই৷ সেয়ে এইটো সমষ্টিত আজমলৰ জয় নিশ্চিত৷ বহু চেষ্টাৰ পিছতো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ‘ইণ্ডিয়া’ আৰু অসমত ১৫ দলীয় বিৰোধী ঐক্য মঞ্চত স্থান উলিয়াবলৈ সক্ষম নোহোৱা বদৰুদ্দিন আজমলৰ এতিয়া মূল আক্ৰমণৰ লক্ষ্য কংগ্ৰেছ দল৷ কেৱল ধুবুৰীতে নহয় বৰ্তমান কংগ্ৰেছৰ দখলত থকা বৰপেটা সমষ্টিও হেনো আজমল বাহিনীয়ে দখল কৰিব৷ উল্লেখ্য যে ধুবুৰীৰ উপৰিও কংগ্ৰেছৰ দখলত থকা বৰপেটা আৰু নগাঁও লোকসভা সমষ্টিও নিজৰে দখললৈ অনাৰ অভিযান আৰম্ভ কৰিছে বদৰুদ্দিন আজমল পৰিয়ালে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত মত প্ৰকাশ কৰি সাংসদ আজমলক কয়–অহা তিনিদিন মই বৰপেটাৰ বিভিন্ন ঠাইলৈ যাম৷ মোৰ ১০০ শতাংশই বিশ্বাস আছে যে বৰপেটাত কংগ্ৰেছৰ যি ৰথী-মহাৰথীয়ে নিৰ্বাচন নেখেলক কিয় ৯০ শতাংশ ভোট আমিয়েই পাম৷ বিৰোধী ঐক্য মঞ্চই ধুবুৰী লোকসভা সমষ্টিৰ বাবে এই পৰ্যন্ত প্ৰাৰ্থীয়ে ঠিক কৰিব পৰা নাই৷ বিৰোধী ফিল্ডত ক’ত আছে৷ কংগ্ৰেছৰ কোনো নেতাই মোক পৰাজিত কৰিব নোৱাৰিব ধুবুৰীত৷ মোৰে জয় হ’ব৷

You May Also Like

More From Author