উত্তৰাখণ্ডত ১২ নৱেম্বৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ফলত সুৰংগ পথৰ ভিতৰত আবদ্ধ হৈ পৰিছিল প্ৰায় ৪০ গৰাকীকৈ শ্ৰমিক। সেই শ্ৰমিকসকলৰ ভিতৰত অসমৰো ২জন লোক আৱদ্ধ হৈ আছে । শ্ৰমিক ২জন কোকৰাঝাৰৰ ৰামফল বিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে। অৱশ্যে একে স্থানতে কৰ্মৰত সঞ্জয় বসুমতাৰীৰ ভাতৃ ৰকেট বসুমতাৰীৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে পৰিয়ালৰ লোক। সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰংগৰ বাহিৰত আছিল ৰকেট বসুমতাৰী।
উত্তৰকাশীৰ ছিল্কয়াৰ পোল গাঁও বৰকোটত নতুনকৈ নিৰ্মাণ কৰা সুৰংগটোত দেওবাৰে পুৱা ৫:৩০ বজাত শ্ৰমিক সকলে ভিতৰত কাম কৰি থকা অৱস্থাতে সুৰংগটোৰ মাটি খহি সুৰংগ পথটো বন্ধ হৈ যায়। তাৰ পাছৰ পৰাই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সংশ্লিষ্ট বিভাগে দিনে-নিশাই উদ্ধাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে।