বিকশিত ভাৰত সংকল্প যাত্ৰা – ইতিবাচক পৰিৱৰ্তনৰ চলন্ত কাহিনী

1 min read

জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ এটি প্ৰয়াস হিচাপে, চৰকাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে এখনি উন্নত ৰাষ্ট্ৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। এই ৰূপান্তৰমূলক যাত্ৰাই দেশৰ নাগৰিকৰ কল্যাণৰ অৰ্থে চৰকাৰৰ দায়বদ্ধতাক সূচিত কৰিছে আৰু ই দেশৰ সকলো প্ৰান্তকে সামৰি লৈছে। বিকশিত ভাৰত সংকল্প যাত্ৰা কেৱল এক কাৰ্য্যসূচীয়েই নহয়, বৰঞ্চ এয়া এক সামূহিক প্ৰচেষ্টা। এনে প্ৰচেষ্টাই ভিন্ন চৰকাৰী বিভাগক একত্ৰিত কৰিছে। এই পদক্ষেপ সমগ্ৰ ৰাজ্যতে অব্যাহত আছে, দেশৰ প্ৰতিটো প্ৰান্তকে স্পৰ্শ কৰিছে।

এই যাত্ৰা জনসাধাৰণৰ সৈতে গভীৰভাৱে সংযোগ স্থাপনকাৰী, ইতিবাচক পৰিৱৰ্তনৰ এক চলন্ত কাহিনী হিচাপে পৰিগণিত হৈছে। দিন আগবাঢ়ি যোৱাৰ লগে-লগে, এই যাত্ৰাৰ জৰিয়তে কেৱল আঁচনিসমূহৰ সম্পৰ্কে অৱগতকৰণেই নহয়, বৰঞ্চ জনসাধাৰণৰ জীৱন-যাত্ৰাত প্ৰকৃত পৰিৱৰ্তন সাধনকাৰী সেৱাসমূহ কাৰ্য্যসূচী অনুষ্ঠিত হোৱা স্থানতে আগবঢ়োৱা হৈছে।

পাটাছাৰকুছি নিবাসী, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী শ্ৰী মুনিন হালৈয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে এটি পকী ঘৰৰ গৰাকী হোৱাৰ সপোন পূৰণ কৰিছে। ব্যক্তিগত অভিজ্ঞতা ব্যক্ত কৰি তেওঁ কয় যে তেওঁ পিএম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত আৰ্থিক সহায়ো লাভ কৰি আছে আৰু তেওঁ এই ধন কৃষিকাৰ্য্যত ব্যৱহাৰ কৰিছে।

চৰকাৰৰপৰা লাভ কৰা সা-সুবিধাৰাজিৰ কথা ব্যক্ত কৰি মৰিগাঁও জিলাৰ দেওশাল গাঁও পঞ্চায়তৰ শ্ৰীমতী মণিকা ডেকাই কয় যে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ দৰে চৰকাৰী আঁচনিৰ সহায়-সহযোগিতাৰে তেওঁ সম্প্ৰতি ষ্ট্ৰবেৰী খেতি কৰিবলৈ সক্ষম হৈছে।

টিবি স্ক্ৰিনিং, ছিকেল চেল স্ক্ৰিনিং, এনিমিয়া স্ক্ৰিনিঙকে প্ৰমুখ্য কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষালৈকে এই যাত্ৰা আশা আৰু সহায়ৰ হাত হিচাপে পৰিগণিত হৈছে। ইয়াত সাধাৰণ লোকসকলে ভিন্ন চৰকাৰী আঁচনিৰ তথ্যৰাজি লাভ কৰিবলৈ সক্ষম হয় আৰু এই আঁচনিসমূহৰ সুবিধা লাভৰ বাবে কেনেকৈ নামভৰ্তি কৰিব পাৰি, সেই সম্পৰ্কেও তেওঁলোকে জানিব পাৰে।

বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰখনৰ নাগৰিকসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত সক্ৰিয় মনোভাৱৰ সাক্ষ্য বহন কৰিছে। ইয়াৰ জৰিয়তে কেৱল তথ্য প্ৰচাৰেই নহয়, বৰঞ্চ আৰ্তজনৰ কাষত থিয় হৈ অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা হৈছে।

অসমত এই যাত্ৰা সম্পৰ্কেঃ

১৫ নৱেম্বৰ অৰ্থাৎ জনজাতীয় গৌৰৱ দিৱসৰ দিনা অসমৰ তিনিখন জনজাতীয় লোকৰ বসতি-প্ৰধান জিলা— বাক্সা, কোকৰাঝাৰ আৰু কাৰ্বি আংলঙত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ হয়। সম্প্ৰতি দেশজোৰা যাত্ৰাৰ সমান্তৰালভাৱে অসমৰ গাঁও পঞ্চায়তসমূহৰ মাজেৰে বিকশিত ভাৰত সংকল্প যাত্ৰা আগুৱাই গৈছে। চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস হিচাপে ৩৩ খন তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) ভেনে ৰাজ্যৰ গ্ৰামাঞ্চলসমূহক সামৰি প্ৰতিটো প্ৰান্ততে সেৱা প্ৰদান কাৰ্য্য নিশ্চিত কৰিব।

You May Also Like

More From Author