ৰাজস্থানৰ পিছত তেলেংগানাতো ধাৰাবাহিক নির্বাচনী প্রচাৰ অভিযানত নামি পৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ হায়দৰাবাদত নির্বাচনী সভাৰ লগতে এক বৃহৎ নির্বাচনী ৰেলীতো অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই নির্বাচনী সভাতে মুখ্যমন্ত্রীৰ ঘোষণা– নতুন ভাৰতত নিষিদ্ধ হ’ব লাগে তালাক আৰু বহু বিবাহ৷ নির্বাচনী সভাত মুখ্যমন্ত্রী ড০ শর্মাই কে চি আৰ কংগ্রেছক তীব্র সমালোচনা কৰি কয় যে এই চৰকাৰখন কেৱল বিজ্ঞাপনৰ চৰকাৰ৷ প্রতিশ্রুতি অনুসৰি নিযুক্তি দিব নোৱাৰা চৰকাৰখনে কেৱল ঋণ লৈয়েই ৰাজ্য চলাইছে৷ আনহাতে, এক বিশেষ সম্প্রদায়ক তুষ্টিকৰণত নামি পৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে মুছলমানৰ বাবে কেচিআৰ কংগ্রেছে আই টি পার্ক স্থাপন কৰিব বিচাৰিছে৷ মুছলমানৰ বাবে কংগ্রেছে সংৰক্ষণ আনিব বিচাৰিছে৷ একমাত্র বিজেপিৰ বাহিৰে সকলোৱে এটা সম্প্রদায়ৰ তুষ্টিকৰণতহে নামি পৰিছে৷ হিন্দুৰ কাৰণে কেচিআৰ তথা কংগ্রেছে কি কৰিব বিচাৰিছে তাক কিন্তু এতিয়ালৈ প্রকাশ কৰা নাই৷ নির্বাচনী সভাত মুখ্যমন্ত্রীয়ে বিজেপিয়ে শাসনলৈ আহিলে ৩০ মিনিটৰ ভিতৰতে হায়দৰাবাদৰ নাম সলনি কৰি ভাগ্য নগৰ কৰা হ’ব বুলিও উল্লেখ কৰে৷ মন কৰিবলগীয়া যে ১১৯খন বিধানসভাৰ আসন থকা তেলেংগানাত ৩০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ৩ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব৷
মুছলমানৰ বাবে কংগ্রেছে আনিব বিচাৰিছে সংৰক্ষণ : ড০ হিমন্ত বিশ্ব শৰ্মা
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025