নিচাসক্ত দম্পতীয়ে মাদক দ্ৰব্য ক্ৰয় কৰিবলৈ বিক্ৰী কৰিলে পেটৰ সন্তানক

1 min read

দুবছৰীয়া পুত্ৰ সন্তানৰ মূল্য ৬০ হাজাৰ, এমহীয়া কন্যা সন্তানৰ মূল্য ১৪ হাজাৰ!

 

পেটৰ তাড়নাত মানুহে নকৰে কি! পেটৰ ভোকত পেটৰ সন্তানক বিক্ৰী কৰিবলৈও যেন কুণ্ঠাবোধ নকৰে মানুহে। অভাৱত নিজ সন্তানক বিক্ৰী কৰিছে এহাল পিতৃ-মাতৃয়ে। অৱশ্যে এনে ঘটনা নতুন নহয়, পূৰ্বেও বহু ঘটিছে। নিজ সন্তানক বিক্ৰী কৰাৰ অভিযোগত ইতিমধ্যে এই দম্পতীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এই ঘটনা অৱশ্যে কিছু সুকীয়া। পেটৰ ভোকত নহয় নিচা এৰিব নোৱাৰি মাদকদ্ৰব্য ক্ৰয় কৰিবলৈহে নিজ সন্তানক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে। আৰক্ষীয়ে জনোৱা মতে, মাদক দ্ৰব্য ক্ৰয় কৰাৰ বাবে ধনৰ লোভত নিজৰ দুই সন্তানক বিক্ৰী কৰি দিছিল এই দম্পতীয়ে। কি নিৰ্দয়! এক মাহ বয়সৰ কন্যা শিশুটিক বিক্ৰী কৰিছিল দম্পতীয়ে, কিন্তু সৌভাগ্যক্ৰমে আৰক্ষীয়ে ইতিমধ্যে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

দম্পতীহালে বিক্ৰী কৰিছিল ২ বছৰ বয়সৰ নিজৰ পুত্ৰ সন্তানকো। আৰক্ষীয়ে জনোৱা অনুসৰি, পুত্ৰ শিশুটিক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে, ৭৪ হাজাৰ টকাৰ বিনিময়ত দুই সন্তানক বিক্ৰী কৰিছিল এই দম্পতীহালে আৰু সেই টকাৰে ক্ৰয় কৰিছিল মাদক দ্ৰব্য। এই ঘটনাৰ অভিযোগত ছাব্বিৰ খান আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে তেওঁলোকৰ সৈতে সহযোগী দুই মহিলা এজেন্টকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কিন্তু কেনেকৈ গম পালে আৰক্ষীয়ে? উক্ত দম্পতীহালৰ পৰিয়ালে ঘটনাটো জনাৰ পিছতেই অৱগত কৰে আৰক্ষীক। অভিযুক্ত লোকজনৰ ভগ্নীয়ে গোটেই ঘটনাটো জানিব পাৰি দাদাক-বৌয়েকৰ ওপৰত ক্ষোভত ফাটি পৰে আৰু লগে লগে আৰক্ষীক অভিযোগ কৰে। এই জঘন্য ঘটনাটো সংঘটিত হৈছে মুম্বাইত। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, ৬০ হাজাৰ টকাৰ বিনিময়ত নিজৰ ২ বছৰৰ পুত্ৰ সন্তানক বিক্ৰী কৰিছিল দম্পতীহালে। তদুপৰি নিকৃষ্টভাৱে, ১৪ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে নিজৰ এমহীয়া সন্তানক। জানিব পৰা মতে, দম্পতীহাল নিচাসক্ত আছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অব্যাহত ৰাখিছে তদন্ত।

You May Also Like

More From Author