মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। ৰহস্যজনভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীৰ নাম অনুষ্কা শইকীয়া বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, মৃত যুৱতীগৰাকীৰ ঘৰ ধেমাজিত আছিল। বিউটিচিয়ান হিচাপে কৰ্মৰত আছিল মৃত যুৱতীগৰাকী। ইতিমধ্যে এই ৰহস্যজনক ঘটনাত আটক কৰিছে এগৰাকী বনকৰা মহিলাক। ঘৰৰ মালিকৰ সৈতেও যুৱতীগৰাকীৰ সংঘাত আছিল বুলি জানিব পৰা গৈছে। ABCৰ এখন পাৰ্লাৰত কৰ্মৰত আছিল যুৱতীগৰাকী। চি গ্লেম নামৰ পাৰ্লাৰখনত কৰ্মৰত আছিল যুৱতীগৰাকী। প্ৰায় এক বছৰ ধৰি গুৱাহাটীত আছিল যুৱতীগৰাকী। বনকৰা মহিলা আৰু ঘৰৰ মালিকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ঘটনাস্থলীত ফৰেনছিক আৰু আৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।
জানিব পৰা মতে, যুৱতীগৰাকীয়ে মৃত্যুৰ ১৫ ঘণ্টা পূৰ্বে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত প্ৰিয়জনৰ সৈতে হাতত হাত ধৰা এখন ফটোও শ্বেয়াৰ কৰিছিল। এতিয়া যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ আঁৰত প্ৰেমজনিত নে আন বেলেগ কোনো কাৰণ আছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।