সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান!

0 min read

সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান। কেম্পৰ পৰা ভিডিঅ’ৰে যোগদানৰ কাৰণ বাখ্যা পৱন নেওগৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এক নং ৱাৰ্ডৰ যুৱক পৱন নেওগ। ২০১৫ চনত দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰিছিল পৱনে। ৪০০ মিটাৰ দৌৰত ৰাজ্যক প্ৰতিনিধিত্ব কৰা পৱনে ২০১৭ত যোগ দিছিল ভাৰতীয় সেনাত। পাছে আছাম ৰেজিমেণ্টত ছবছৰ চাকৰি কৰাৰ পিছত হঠাৎ নিৰুদ্দেশ হ’ল পৱন নেওগ। ক’ৰ পৰা কেনেকৈ নিৰুদ্দেশ হ’ল পৱন?

আছাম ৰাইফলচৰ চাকৰিয়াল পৱনে শেহতীয়াকৈ নিয়োজিত হৈ আছিল তিনিচুকীয়াৰ ডাইছা কেম্পত। মে’ মাহত ডাইছা কেম্পৰ পৰা ছুটী লৈ নাৰায়ণপুৰৰ ঘৰলৈ আহিছিল পৱন নেওগ। ঘৰতে কেইদিনমান কণমানি সন্তানৰ সৈতে উমলি জামলি ১৯ মে’ত ঘৰৰ পৰা ওলাই আহিছিল পৱন। লখিমপুৰৰ পৰা পাক এটা মাৰি আহো বুলি পত্নীক কৈ অহা পৱনে দুনাই ঘূৰি নগ’ল ঘৰখনলৈ। হাৰমতীৰ পৰা পৰিয়াললৈ শেষবাৰৰ বাবে কল কৰাৰ পাছতে চুইচ অফ হৈ গ’ল পৱনৰ মোবাইল ফোন। সেইদিন ধৰি ঘৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ থাকিল পৱনৰ।

নিৰুদ্দেশ হোৱাৰ চাৰে ৫ মাহৰ পাছত সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ দৃশ্যত প্ৰথমবাৰ দেখিলে পৱনক। চাৰে ৫ মাহ পাছত স্বামীক দেখি বাকৰুদ্ধ হৈ গ’ল পত্নী। মাকৰ কোলাৰ পৰা টিভিটোলৈ পলক নেপেলোৱাকৈ চাই থাকিল সন্তানে। মাতৃৰ চকুৰে নিগৰিল ধাৰাষাৰ চকুলো। নিৰ্বাক হৈ পৰিল দেউতাক আৰু ককায়েক। কান্দোনত গছৰ পাত সৰুৱালে বৌয়েকে। সকলোৰে এটাই প্ৰশ্ন, সেনাৰ চাকৰি এৰি কিয় আলফা স্বাধীনত যোগ দিব লগা হ’ল পৱনে?

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলিট এজনে খেলপথাৰ এৰি কিয় যাব লগা হ’ল হাবিলৈ? এই প্ৰশ্নৰ উত্তৰ নাপায় হাহাকাৰ লাগিছে ঘৰখনত। বিপৰীতে পৱনৰ নিৰুদ্দেশত তোলপাৰ লাগিছে আছাম ৰেজিমেণ্টত। জোৱান পৱন নেওগে কেতিয়া, কেনেকৈ, কোন পথেৰে আলফা স্বাধীনৰ কেম্প পালেগৈ তাৰ তথ্য বিচাৰি সীমান্ত চলাথ কৰিছে চোৰাংচোৱাই। আছাম ৰেজিমেণ্টৰ চোৰাংচোৱাই তথ্য উদ্ধাৰ কৰে সোঁশৰীৰে ৰাইজৰ সন্মূখত ধৰা দিলে পৱন নেওগে। যোগাযোগ বিচ্ছিন্ন হৈ থকাৰ চাৰে ৫ ঘণ্টাৰ পাছত কেম্পৰ পৰা পোনে পোনে আলফা স্বাধীনে মুকলি কৰিলে পৱন নেওগৰ ভিডিঅ’। সেই ভিডিঅ’তে সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগ দিয়াৰ কাৰণ বাখ্যা কৰিছে পৱন নেওগে।

পৱনৰ লগতে বিগত ৩ দিনত আলফা স্বাধীনত যোগ দিয়াৰ খবৰ আহিছে ৩ জন যুৱকে। এজন শদিয়াৰ উপেন চাবুকধৰা আনজন মৰাণৰ পলাশ কোঁৱৰৰ পত্নী আৰু সন্তানৰ লগতে দৰিদ্ৰতাই কোঙা কৰা ঘৰ এৰি ৩ যুৱকে অসম এৰা ঘটনাই চিন্তিত কৰিছে আৰক্ষী আৰু চোৰাংচোৱাক। আলফা স্বাধীনৰ বিচাৰত গুলী খাই কেইবাজনো তেজাল অসমীয়া যুৱকে প্ৰাণ হেৰুওৱাৰ ঘটনা পোহৰলৈ অহাৰ সময়ত ৩ যুৱকৰ যোগদানৰ খবৰত চিন্তিত পৰিয়ালৰ লগতে ৰাজ্যবাসী।

You May Also Like

More From Author