ভিয়েটনামৰ উজলিল অসম গৌৰৱ সত্রীয়া নৃত্য

0 min read

সুদূৰ ভিয়েটনামৰ হো চি মিন চহৰত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তৰ্জাতিক উত্তৰ পূর্বাঞ্চল মহোৎসৱত উজলিল অসমৰ সত্রীয়া নৃত্য৷ ২৭ অক্টোবৰত ভিয়েটনামত বিখ্যাত ৰেক্স ইণ্টাৰনেচনেল হোটেলত সন্ধিয়া ৭বজাত অনুষ্ঠিত উত্তৰ–পূর্বাঞ্চল মহোৎসৱৰ শুভাৰম্ভ কৰে ভিয়েটনামৰ ভাৰতৰ ৰাষ্ট্রদূত সন্দীপ আর্য্য আৰু ভিয়েটনামৰ হো ছি মিন চহৰৰ পিপুলচ পার্টীৰ উপাধ্যক্ষই৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ কূটনীতিবিদ ড০ মদনমোহন সেঠী আৰু উত্তৰ পূর্বাঞ্চলৰ অৰুণাচল মেঘালয়, নগালেণ্ডৰ তথা অসমৰ প্রতিনিধি৷ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত আৰু ভাৰত চৰকাৰ কেইবাজনো উচ্চ বিষয়া৷

অনুষ্ঠানৰ আঁত ধৰে শ্যামকানু মহন্তই৷ উদ্বোধনী অনুষ্ঠানত পৰিৱেশন কৰা অসম গৌৰৱ সত্রীয়া নৃত্যই বিদেশত বিশেষ সমাদৰ লাভ কৰে৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা দেশ–বিদেশৰ প্রতিনিধিসকলে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ অনুপম অমৰ সৃষ্টিৰাজিক বিশেষ প্রশংসা কৰে৷ উদ্বোধনী অনুষ্ঠানত মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰ বৰগীতৰ বিষ্ণু বন্দনাৰ উপৰি ভোৰ তাল নৃত্যই উপস্থিত সুধী বৃন্দক সন্মোহিত কৰে৷ সত্রীয়া নৃত্যত অংশ গ্রহণ কৰে গুৱাহাটী নিবাসী সত্রীয়া নৃত্য পটীয়সী ওস্তাদ বিছমিল্লা খান বটা বিজয়ী মৃদুস্মিতা দাস বৰা, আস্থা গোস্বামী আৰু নিষ্ঠা বর্মনে৷ বিদেশৰ মাটিত এনেকৈ যে সত্রীয়া প্রচাৰ আৰু প্রসাৰ হোৱাত আমাৰ অসম আৰু অসমীয়াৰ বাবে গৌৰৱ৷

You May Also Like

More From Author