বাবা ভাংগাৰ ভৱিষ্যদ্বাণী: ২০২৪ত কি কি বিপদৰ ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই?

1 min read

বুলগেৰিয়াৰ বাবা ভাংগাৰ কিছু ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। আৰু দুমাহো বাকী নাই ২০২৪ বৰ্ষ আহিবলৈ। ২০২৪ বৰ্ষক লৈও কেতবোৰ ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই।

বহুতে কয় যে ২০২২ আৰু ২০২৩ চনত বাবা ভাংগাৰ দুটা ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। ইয়াৰ ভিতৰত এটা হ’ল ২০২২ আৰু ২০২৩ চনত দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হ’ব তাক লৈ।

২০২২ চনত ৰাছিয়া আৰু উইক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হয়। ২০২৩ চনত ইজৰাইলৰ সৈতে হামাছৰ যুদ্ধ আৰম্ভ হৈছে। আৰু ইয়াৰ বাবেই বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হোৱা বুলি বহুতেই ক’ব খোজে।

তাৰ লগতে বান, খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগক লৈও তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। সেই বিষয়বোৰৰ প্ৰভাৱো এই বছৰ দেখা গৈছে।

তেওঁ ২০২৩ৰ বাবে বহু বিপজ্জনক ভৱিষ্যদ্বাণী কৰিছিল। প্ৰথমটো আছিল তৃতীয় বিশ্বযুদ্ধ হ’ব। ইয়াৰ লগতে তেওঁ কৈছিল যে পৃথিৱীৰ কক্ষপথ পৰিৱৰ্তন হ’ব।

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি, কিছু দেশে জৈৱিক অস্ত্ৰৰে আক্ৰমণ কৰিব। ইয়াৰ উপৰি বহু দেশেই অমৌচুমী বৰষুণ আৰু ধুমুহাৰ সন্মুখীন হ’ব।

বাবা ভাংগাই ২০২৩ক অন্ধকাৰ আৰু ট্ৰেজেডিৰ বছৰ হিচাপে বৰ্ণনা কৰিছে। ভাৰত সম্পৰ্কে বাবা ভাংগাই কৈছিল, মাৰ্চ আৰু এপ্ৰিল মাহত ধাৰাসাৰ বৰষুণ হ’ব।

তদুপৰি, বাবা ভাংগাৰ সৌৰ ধুমুহাৰ ভৱিষ্যৎ বাণীও সঁচা হৈছে। বিজ্ঞানীসকলে পৃথিৱীতকৈ ২০ গুণ ডাঙৰ সূৰ্যত এটা গাঁত আৱিষ্কাৰ কৰিছে। ইয়াৰ পৰা নিৰ্গত বিকিৰণৰ ক্ষতিকাৰক প্ৰভাৱ দৃশ্যমান।

২০২৪ চনৰ বাবে বাবা ভাংগাৰ আছে কেতবোৰ ভৱিষ্যদ্বাণী। তেওঁৰ মতে, চীন বিশ্বৰ শক্তিশালী দেশত পৰিণত হ’ব। ইয়াৰ উপৰি তেওঁ কৈছে যে ২০২৪ চনত জলবায়ু পৰিৱৰ্তন, বৈশ্বিক উষ্ণতা আৰু ভূমিকম্পৰ কাৰণে পৰিস্থিতি আৰু বেয়া হ’ব।

এই পৰিৱৰ্তনে জলবায়ুৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব। তাপমাত্ৰাৰ পৰিৱৰ্তন হ’ব। ঠাণ্ডা ঠাই গৰম হ’ব। বাবা ভাংগাৰ মতে, ২০২৪ চনত হিমবাহ গলি যোৱাৰ ফলত উপকূলীয় চহৰসমূহ জলমগ্ন হৈ পৰিব।

বাবা ভাংগাৰ মতে, ২০২৪ চনত প্ৰকৃতিয়ে ভয়ানক ৰূপ দেখুৱাব। অহা বছৰত বিশ্বজুৰি অপৰাধৰ গ্ৰাফ বৃদ্ধি পাব।

এই প্ৰতিবেদনৰ তথ্য বিভিন্ন উৎসৰ পৰা লাভ কৰা। 

You May Also Like

More From Author