গৃহস্থক অচেতন কৰি ছার্ভেত চোৰৰ লুটপাত…

1 min read

“মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ প্রদর্শন কৰি বিভিন্ন স্থানত দুর্বৃত্তই লুটপাত চলাই আহিছে৷ কালি মহানগৰীৰ বৰবাৰীত ৰখাই থোৱা চাৰিচকীয়া বাহনৰ পৰা দিন-দুপৰতে দুর্বত্তই ৩ লাখ টকা লুটি লৈ যোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বেলতলা ছার্ভেৰ পাৰিজাত পথৰ এটা বাসগৃহত চোৰে লুটপাত চলায় ৷ পাৰিজাত পথৰ গৃহ নং ১৫ত দুর্বৃত্তৰ দলটোৱে প্রৱেশ কৰি স্প্রে মাৰি গৃহস্থক অচেতন কৰি কেইবালক্ষ টকাৰ সোণৰ আ–অলংকাৰ, নগদ ধন আৰু বহু মূল্যৱান সা–সম্পত্তি লুট কৰি লৈ যায়৷ দুর্বৃত্তৰ দলটোৱে বাসগৃহটোত লুটপাত চলাই ৯ডাল সোণৰ চেইন, ১৭টা সোণৰ আঙঠিকে ধৰি বহু মূল্যৱান সা–সম্পত্তি লুটি নিয়ে৷ ঘটনা সন্দর্ভত ভুক্তভোগী পৰিয়ালটোৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You May Also Like

More From Author