২৪ লাখ বন্তি, লেজাৰ শ্ব’ আৰু নতুন বিশ্ব অভিলেখ…

1 min read

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পাটিল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত শ্ৰীৰাম চন্দ্ৰৰ জন্মস্থলী অযোধ্যাত শনিবাৰে সন্ধিয়া ২২ লাখৰো অধিক বন্তি জ্বলাই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃত্বশীল বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, শ্ৰীৰামৰ অযোধ্যাই ২০২৩ ৰ দিপাৱলীত ২২.২৩ লাখ বন্তি জ্বলায়।

যোৱা বছৰ ১৫.৭৬ লাখ বন্তি প্ৰজ্বলন কৰিছিল। তাৰ তুলনাত এইবাৰ প্ৰায় ৬ লাখ ৪৭ হাজাৰৰো অধিক বন্তি জ্বলোৱা হৈছে।ড্ৰোণৰ জৰিয়তে বন্তিসমূহ গণনা কৰি গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান দিয়া হৈছে।

নিৰ্ধাৰিত সময় আৰম্ভ হোৱাৰ লগে লগে ভিন্ন শ্ৰেণীৰ নাগৰিকে ”শ্ৰীৰাম জয় জয় ৰাম ধ্বনি”ৰে এটা এটাকৈ মুঠ ২২.২৩ লাখ বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে এই ৰেকৰ্ড গঢ়াৰ কথা ঘোষণা কৰাৰ লগে লগে ”জয় শ্ৰীৰাম” ধ্বনিৰে অযোধ্যাৰ আকাশ বতাহ কঁপি উঠে।

গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষৰ হৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে স্বপ্নিল ডাংগাৰিকা আৰু নিচল বাৰোট। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধিসকলে উত্তৰ প্ৰদেশ চৰকাৰৰ এই দিপাৱলীৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰে আৰু একেসময়তে এটা ঠাইত ইমান বৃহৎ সংখ্যক বন্তি জ্বলোৱাৰ বাবে বিশ্ব অভিলেখৰ মৰ্যাদা প্ৰদান কৰে।

ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ইয়াৰ অনুমোদিত মহাবিদ্যালয়, আন্তঃমহাবিদ্যালয়, স্বেচ্ছাসেৱী সংগঠনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে এই অভিলেখ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বিবৃতিটোত কোৱা হৈছে, যোৱা বছৰৰ আৰম্ভণিতে এই বন্তি জ্বলোৱাৰ অভিলেখ স্থাপন কৰা হৈছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা প্ৰমাণপত্ৰ লাভ কৰাত সমগ্ৰ অযোধ্যাক এই অভিলেখ স্থাপনৰ বাবে শুভেচ্ছা জনাইছিল।

৫৪ খন দেশৰ কূটনীতিবিদসকলে সেই অভিলেখ ইয়াক প্ৰত্যক্ষ কৰিছিল। উত্তৰ প্ৰদেশ চৰকাৰৰ এজন মুখপাত্ৰই এই অভিলেখৰ কথা উল্লেখ কৰি ত্ৰেতা যুগৰ কথা মনত পেলাই দিয়া বুলি উল্লেখ কৰি ৰাম চন্দ্ৰই বনবাস সামৰি অযোধ্যালৈ ঘূৰি অহাৰ দৰে এক পৰিৱেশৰ সূচনা হৈছে।

উল্লেখ্য, ২০১৭ ত উত্তৰ প্ৰদেশত যোগী আদিত্য নাথৰ চৰকাৰ শাসনলৈ অহাৰ পাছতে অযোধ্যাত প্ৰথমবাৰৰ বাবে ১ লাখ ৭১ হাজাৰ বন্তি জ্বলোৱা হৈছিল।

You May Also Like

More From Author