মূৰত বিয়েৰৰ বটল ভাঙি মহিলা কৰ্মচাৰীৰ সৈতে সংঘটিত জঘন্য ঘটনা

0 min read

এটা জঘন্য ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে। আগ্ৰাৰ এখন হোমষ্টেত কৰ্মৰত ২৫ বছৰীয়া এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ আৰু আক্ৰমণৰ ভয়ংকৰ অভিযোগৰ কথা আৰক্ষীয়ে স্পষ্ট কৰিছে। কেৱল ধৰ্ষণেই নহয়, যুৱতীগৰাকীৰ সৈতে অতি পাশৱিক আচৰণ কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এই গোচৰৰ সৈতে জড়িত এগৰাকী মহিলাসহ পাঁচজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি, শনিবাৰে নিশা মহিলাগৰাকীয়ে কাম কৰা হোমষ্টেখনতেই সংঘটিত হয় এই জঘন্য কাণ্ড।

আৰক্ষীক ভুক্তভুগীয়ে জনোৱা মতে, পূৰ্বে অভিযুক্তই তেওঁৰ এটা অশ্লীল ভিডিঅ’ক লৈ তেওঁক ব্লেকমেইল কৰাৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে লগতে জনোৱা মতে, যুৱতীগৰাকীক মূৰত কাঁচৰ বটল ভাঙি নিৰ্যাতন চলোৱাৰ লগতে মদ্যপান কৰিবলৈও বাধ্য কৰাইছিল। ইতিমধ্যে যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনা অনুসৰি, যুৱতীগৰাকীক এজন পুৰুষে কোঠা এটালৈ টানি অনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। লগতে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ উপৰিও বিয়েৰৰ বটলেৰে আক্ৰমণ কৰা বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰিছে। “অনুগ্ৰহ কৰি মোক সহায় কৰক!” এইদৰে ভিডিঅ’টোত যুৱতীগৰাকীয়ে আৰ্তনাদ কৰা শুনা গৈছিল, য’ত এজন পুৰুষে যুৱতীগৰাকীক এটা কোঠাৰ ভিতৰলৈ টানি অনা দেখা গৈছে।

You May Also Like

More From Author