বিদেশত আপোন মানুহকহে বিশ্বাস কৰিব, পৰক নহয়। এই কথাষাৰৰ আঁৰত আছে এটা কাহিনী। বিদেশৰ এজন যুৱকৰ সৈতে চিনাকী হৈছিল অসমৰ এগৰাকী মহিলা খেলুৱৈৰ। প্ৰথম চিনাকীতে বন্ধুত্বৰ শিকলিৰে বান্ধ খাইছিল অসমৰ খেলুৱৈ তথা শৰীৰচৰ্চাবিদ বৰ্ণালী বৰুৱা শইকীয়াৰে। দিন বাগৰাৰ লগে লগে চিনাকীৰ পৰা বন্ধুত্বলৈ বাগৰিছিল সময়বোৰ। তাৰ পিছতে আহিল সেই বেয়া খবৰটো। হঠাত বৰ্ণালীক পণবন্দী কৰিলে নাইজেৰিয়াৰ এজন যুৱকে। নাম কিং। নজনাকৈয়ে নাইজেৰিয়ান যুৱকৰ জালত পৰিছিল অসমৰ মহিলা খেলুৱৈ বৰ্ণালী বৰুৱা শইকীয়া। ঘটনাক্ৰমত বেংগালুৰুৰ পৰা গৈ নাইজেৰিয়া পালেগৈ অসমৰ বৰ্ণালী। নাইজেৰিয়াৰ আৰ্বুজা বিমানবন্দৰত নামিলগৈ বৰ্ণালীৰ বিমান। আৰু তাৰ পিছতেই আৰম্ভ হ’ল এটা শ্বাসৰুদ্ধকৰ কাহিনী। এয়াৰ পৰ্টতে বৰ্ণালীৰ বাবে ৰৈ আছিল নাইজেৰিয়ান যুৱক কিং। বৰ্ণালীক লগ ধৰি কিঙে প্ৰথমতে হস্তগত কৰিলে বৰ্ণালীৰ পাছপৰ্ট, ভিছা, বৰ্ণালীৰ সকলো বয়বস্তু। বন্ধুক বিচাৰি যোৱা বৰ্ণালীক বন্ধুৱেই কৰিলে পণবন্দী। একপ্ৰকাৰ অপহৃত হ’ল বৰ্ণালী বৰুৱা শইকীয়া। ২৮ অক্টোবৰত অৰ্থাৎ পূজাৰ পিছতেই বেংগালুৰুৰ পৰা বৰ্ণালী উৰা মাৰিছিল নাইজেৰিয়ান বন্ধু কিঙৰ ওচৰলৈ।
বিমান বন্দৰত সকলো বয় বস্তু কাঢ়ি নিয়াৰ পিছত অসহায় হৈ পৰিল বৰ্ণালী। নিজৰ বুলিবলৈ বৰ্ণালীৰ হাতত একোৱেই নাথাকিল। আনকি টকা পইচাও সকলো কাঢ়ি লৈছিল বন্ধু কিঙে। আবুৰ্জা বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতে এজন নাইজেৰিয়ান লোকে বৰ্ণালী বৰুৱা শইকীয়াৰ পাছপৰ্ট আৰু ভিছা কাঢ়ি লৈ প্ৰথমে এখন হোটেললৈ নি পাছত হোটেল খনৰ পৰা তিনি কিলোমিটাৰ দূৰৰ এটা ঘৰত পণবন্দী কৰি ৰাখে ৷ ২১ দিন ধৰি নাইজেৰিয়ান যুৱক কিঙৰ পণবন্দী হ’ল বৰ্ণালী বৰুৱা শইকীয়া। ইফালে পৰিয়ালত হাহাকাৰ। কেইবাদিনো ধৰি পৰিয়ালৰে যোগাযোগ কৰা নাই বৰ্ণালীয়ে।
অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে এই সম্পৰ্কত বৰ্ণালী সন্ধানহীন হোৱাৰ এখন এজাহাৰ দাখিল কৰিলে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত। আৰক্ষীয়েও নাইজেৰিয়ালৈ ঢুকি নোপোৱাৰে কথা। এই সম্পৰ্কত ভাৰত চৰকাৰৰে যোগাযোগ কৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নাইজেৰিয়াৰ চৰকাৰৰ সৈতে যোগাযোগ কৰে। তাৰ পিছতে বৰ্ণালীক উদ্ধাৰ কৰি শনিবাৰে ঘুৰাই আনে ভাৰতলৈ। শাৰিৰীক অসুস্থতাৰ বাবে এতিয়াই গুৱাহাটীলৈ নাহে বৰ্ণালী বৰুৱা শইকীয়া। কিছুদিন মু্ম্বাইত থাকিহে গুৱাহাটীলৈ আহিব বৰ্ণালী বৰুৱা শইকীয়া।
নাইজেৰিয়ালৈ কিয় গৈছিল বৰ্ণালী?
বন্ধু আখ্যা দিয়া নাইজেৰিয়ান যুৱক কিঙৰ সৈতে দুবছৰ পূৰ্বে গুৱাহাটীৰ এটা অনুষ্ঠানত চিনাকী হৈছিল বৰ্ণালীৰ। তাৰ পিছৰ পৰাই দুয়োৰে মাজত গঢ় লৈ উঠে বন্ধুত্ব। এই বন্ধুত্ব লাহে লাহে গাঢ় হয়। আনকি বৰ্ণালীৰ স্বামীগৃহত আতিথ্যও গ্ৰহণ কৰিছিল নাইজেৰিয়ান যুৱক কিঙে। মাছে ভাতে বৰ্ণালীৰ ঘৰত খাই বৈ গৈ বৰ্ণালীক নাইজেৰিয়াত অকলে পাই পণবন্দী কৰে কিঙে। তাৰ পিছতে বৰ্ণালীৰ স্বামীৰ পৰিয়ালক ই মেইল যোগে ধন দাবী কৰা বুলি সদৰি কৰে পৰিয়ালৰ লোকে।
হঠাত চিনাকি হোৱা নাইজেৰিয়াৰ যুৱক কিঙৰ কৱলৰ পৰা উদ্ধাৰ কৰিলেও এতিয়াও বহু কথা পোহৰলৈ অহা নাই। পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, কিছুদিন ধৰি বৰ্ণালীয়ে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ ৰখা নাছিল। ইয়াৰ পিছতে পোহৰলৈ আহিছিল বৰ্ণালী বিদেশ ভ্ৰমণ কৰিবলৈ নাইজেৰিয়ালৈ যোৱাৰ কথা। অতি সম্প্ৰতি বৰ্ণালীক উদ্ধাৰ কৰা হ’ল যদিও কি কাৰণত বৰ্ণালী বৰুৱা শইকীয়া নাইজেৰিয়াত উপস্থিত হৈছিলগৈ সেয়া এতিয়াও পোহৰলৈ অহা নাই। পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি নাইজেৰিয়াত ফুৰিবলৈ গৈছিল বৰ্ণালী।