খ্ৰীষ্টানবস্তিৰ বাৰত সুৰাপান কৰি বাৰত মাৰপিট কৰা তিনি দোষী চিকিৎসক- ছাত্ৰৰ বিৰুদ্ধে কঠোৰ জিএমচি কৰ্তৃপক্ষ

1 min read

মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ জিএচ ৰোডৰ কামাখ্যা টাৱাৰস্থিত কেইনকো লাউঞ্জ এণ্ড বাৰত বৃহস্পতিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক আৰু ছাত্ৰৰ দল এটাই চৰম উদ্ভণ্ডালিয়ে বাৰৰ মেনেজাৰ – কৰ্মচাৰীক মাৰপিট কৰে।

সুৰামত্ত হৈ বাৰখনত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিৰে তাণ্ডৱ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে বাৰত সুৰাপান কৰি উদ্ভণ্ডালি কৰা ছাত্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে জিএম চি এইছ কৰ্তৃপক্ষই ৷ সেই অনুসৰি কনিষ্ঠ চিকিৎসক গোলাঘাটৰ শুভ্ৰশীষ শইকীয়া আৰু তৃতীয় বৰ্ষৰ ছাত্ৰ হোজাইৰ ঋষিকেশ বিপাক্ষ আৰু মঙলদৈৰ শশাংক কাশ্যপক জিএমচিৰ পৰা ছমাহৰ বাবে বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে অধ্যক্ষ ডা: অচ্যুত বৈশ্যই ।

আনহাতে কলেজৰ নামত কালিমা সনা সকলৰ বিৰুদ্ধে শীৰ্ঘেই কঠোৰ ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ৷ বহিস্কৃত হোৱা তিনি ছাত্ৰ সহ উদ্ভণ্ডালি কৰা আন ১৫জনক তিনি মাহৰ বাবে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হয়।

উল্লেখ্য যে,বৃহস্পতিবাৰে নিশা১১-৩০ মান বজাত খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰস্থিত কেইনকো লাউঞ্জ এণ্ড বাৰত জিএমচিএইছৰ কেইজনমান এমবিবিএছ অধ্যয়নৰত ছাত্ৰই বাৰৰ কত্তব্যৰত কৰ্মচাৰীক উপযুপৰি প্ৰহাৰ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । বাৰ খনত উদ্ভণ্ডালিৰে তাণ্ডৱলীলা চলোৱা আটাইকেইগৰাকী শিক্ষাৰ্থী জিএমচিৰ ৪নং হোষ্টেলৰ আৱাসী আছিল ৷

আনহাতে জিএমচিৰ ৪নং হোষ্টেলৰ আৱাসী শিক্ষাৰ্থী কেইজনৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত বাৰ খনৰ মেনেজাৰজনক ইতিমধ্যে ভৰ্তি কৰা হয় এপ’ল’ হাস্পতালত ৷ বাৰৰ আন কৰ্মচাৰী সকলেও প্ৰতি আক্ৰমণ কৰাত আঘাতপ্ৰাপ্ত হয় মেডিকেলৰ শিক্ষাৰ্থী শুভ্ৰাংশু শইকীয়া আৰু হৃষীকেশ বিপাক্ষ ৷ ইপিনে বাৰ খনত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সম্ভেদ লাভ কৰি দিছপুৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, জিএমচিৰ নিৰ্ধাৰিত নিয়ম মতে হোষ্টেলত থকা শিক্ষাৰ্থীসকলে হোষ্টেলত প্ৰৱেশ কৰাৰ সময় নিশা ৯-৩০ বজা ৷ কিন্ত উল্লিখিত শিক্ষাৰ্থী কেই গৰাকীয়ে নিৰ্ধাৰণ নিয়ম ভংগ কৰি অতিৰিক্ত সময়ত বাহিৰত আছিল ৷

এনে ক্ষেত্ৰত এইটো স্পষ্ট হয় যে তেওঁলোক আটায়ে হোষ্টেলৰ নীতি–নিয়মো ভংগ কৰিছে। গতিকে ইয়াৰ বাবেই তেওঁলোকক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তিনিমাহৰ বাবে হোষ্টেলৰ পৰা বহিস্কৃত কৰা হৈছে বুলি প্ৰকাশ কৰে অধ্যক্ষ গৰাকীয়ে ৷

You May Also Like

More From Author